আমগুৰি,2 জানুৱাৰী:শিৱসাগৰ জিলাৰ দিখৌমুখত শাৰিৰীক অনুশীলনত ব্যস্ত এজাক কিশোৰ-কিশোৰী ৷ জিলাখনৰ দিখৌমুখ জনজাতি হাইস্কুল খেলপথাৰত বিশ্বজ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই কাৰ্যসূচী ৷ পূৰ্বে অঞ্চলটোৰ বহু যুৱক-যুৱতীয়ে শাৰীৰিক অনুশীলনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি কৰ্ম সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে ৷
আমগুৰিত শাৰিৰীক অনুশীলনত ব্যস্ত এদল যুৱক-যুৱতী - দিখৌমুখ
দিখৌমুখত শাৰিৰীক অনুশীলনত ব্যস্ত এজাক কিশোৰ-কিশোৰী ৷ বিশ্বজ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই কাৰ্যসূচী ৷
শাৰিৰীক অনুশীলনত ব্যস্ত এদল যুৱক-যুৱতী
উল্লেখ্য যে, অঞ্চলটোত পূৰ্বেও ফুটবল, ভলীবল, টাইকোৱানডোকে ধৰি বিভিন্ন খেলৰ প্ৰশিক্ষণ প্ৰদান কৰি অহা হৈছে ৷ স্থানীয় যুৱক-যুৱতীসকলৰ লগতে যোৰহাট, জাঁজী, গৌৰীসাগৰকে বিভিন্ন অঞ্চলৰ ডেৰ শতাধিক যুৱক-যুৱতীয়ে এই অনুশীলনত অংশগ্ৰহণ কৰে ৷ বিশ্বজ্যোতি সংঘৰ এনে পদক্ষেপৰ সকলোৱে শলাগ লৈছে ৷
লগতে চাওকঃআজি দেশত ক’ভিড প্ৰতিষেধকৰ দ্বিতীয় পৰ্যায়ৰ ড্ৰাই ৰান
Last Updated : Jan 2, 2021, 9:04 AM IST