পত্নীক নিৰ্যাতন আৰক্ষী জোৱানৰ - ভগামুখ আৰক্ষী থানা
তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ আৰক্ষী-আত্মীয়ৰ ৷ ভগামুখ আৰক্ষী থানাত গোচৰ ৰুজু ৷ মাৰপিট কৰাৰ কথা স্বীকাৰ পতিৰ
শিৱসাগৰ, 23 আগষ্ট : যৌতুকৰ নামত পত্নীক হত্যাৰ চেষ্টা ৷ পৰকীয় প্ৰেমত মত্ত স্বামীৰ পৰিয়ালৰ অমানুষিক শাৰিৰীক -মানসিক অত্যাচাৰৰ বলি এটা সন্তানৰ মাতৃৰ ৷ তেজৰে লুতুৰি-পুতুৰি অৱস্থাত সংকটজনক অৱস্থাত উদ্ধাৰ আৰক্ষী- আত্মীয়ৰ ৷ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে মহিলাগৰাকীক ৷ বিবাহৰ পাছৰ পৰাই যৌতুক দাবী কৰি অহাৰ অভিযোগ শিৱসাগৰৰ ডেভিদ পেগু নামৰ অসম আৰক্ষীৰ 25 নং বেটেলিয়নৰ জোৱানগৰাকীৰ বিৰুদ্ধে ৷ ডেভিদ পেগুৰ বিৰুদ্ধে অন্য যুৱতীৰ সৈতে সম্পৰ্ক থকাৰো অভিযোগ ৷ ঘটনা সন্দৰ্ত ভগামুখ আৰক্ষী থানাত মহিলাগৰাকীৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে 35/19 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৮ (এ)/ ৩২৫ / ৩৪২/৩০৮ আৰু ৩৪ ধাৰাত এক গোচৰ ৰুজু কৰিছে ৷ ইফালে, ভগামুখ আৰক্ষী থানাত আত্মসমৰ্পন কৰা ডেভিদ পেগুৱে সংবাদ মাধ্যমৰ আগত যৌতুক দাবী অস্বীকাৰ কৰিছে যদিও মাৰপিট কৰা বুলি স্বীকাৰ কৰিছে৷