অসম

assam

By

Published : Apr 18, 2021, 10:23 PM IST

ETV Bharat / state

অসমীয়া বিষয় প্ৰৱৰ্তনৰ দাবীত শিৱসাগৰত গণ স্বাক্ষৰ

শেহতীয়াকৈ অসম মাধ্যমিক শিক্ষা পৰিষদে জাৰি কৰা ঘোষণা অনুসৰি অসমীয়া ভাষাক এটা ঐচ্ছিক বিষয় হিচাপে বিবেচনা কৰা হ’ব ৷ ইয়াৰ লগে লগে বিষয়টোৰ ওপৰত সৰ্বত্ৰে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ এই ঘটনাৰ প্ৰতিবাদত দেওবাৰে শিৱসাগৰত ৰাইজৰ হস্তাক্ষৰ সংগ্ৰহ কৰিবলৈ ৰাজপথত ওলাই আহিল এচাম নাগৰিক ৷

petition signed against seba in sibsagar
অসমীয়া বিষয় প্ৰৱৰ্তনৰ দাবীত শিৱসাগৰত গণস্বাক্ষৰ

শিৱসাগৰ,18 এপ্ৰিল: অসমীয়া জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ ব'হাগ বিহুৰ আনন্দৰ মাজতে অসমীয়া ভাষা ৰক্ষাৰ বাবে ৰাজপথত নামিল এচাম অসমীয়া ৷ শেহতীয়াকৈ অসম মাধ্যমিক শিক্ষা পৰিষদে জাৰি কৰা এক জাননী অনুসৰি অসমীয়া ভাষা বিপদাপন্ন হোৱাৰ আশংকা কৰিছে বহুতেই । মাধ্যমিক শিক্ষা পৰিষদে অসমীয়া ভাষাটো এটা ঐচ্ছিক বিষয় হিচাপে শেহতীয়াকৈ ঘোষণা কৰিছে । ইয়াৰ লগে লগে বিষয়টোৰ ওপৰত সৰ্বত্ৰে সমালোচনা হৈছে । এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি সচেতন মহিলা বন্দনা বৰদলৈৰ নেতৃত্বত শিৱসাগৰ নগৰৰ এচাম ৰাইজ আজি ওলাই আহিল ৰাজপথলৈ ।

অসমীয়া বিষয় প্ৰৱৰ্তনৰ দাবীত শিৱসাগৰত গণস্বাক্ষৰ

জাতিটোৰ স্বৰম অনিশ্চয়তাৰ আশংকা কৰি সর্ব সাধাৰণ ৰাইজৰ হস্তাক্ষৰ সংগ্ৰহ কৰি তেওঁলোকে অসম চৰকাৰৰ শিক্ষামন্ত্ৰীলৈকে এখন আবেদন প্রেৰণ কৰাৰ প্রয়াস কৰিছে । এইদৰে গণস্বাক্ষৰ গ্ৰহণ কৰাসকলে কয় যে, কোনো কাৰণতে মাতৃভাষাক হেয় জ্ঞান কৰিব নোৱাৰি আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে ইয়াক শুদ্ধ আৰু সঠিক ৰূপত উপস্থাপন কৰাৰ এইয়া এক প্রয়াস। শিৱসাগৰৰ পৰা আৰম্ভ কৰা এনে প্ৰয়াসে অনাগত সময়ত সচেতন অসমীয়া ৰাইজক সংঘবদ্ধ কৰিব বুলিও উল্লেখ কৰে বৰদলৈয়ে ।

লগতে পঢ়ক :জুবিনৰ প্ৰতি সঁহাৰি: অনুৰাগীৰ গছপুলি ৰোপণ

ABOUT THE AUTHOR

...view details