অসম

assam

ETV Bharat / state

দুৱৰণী আলিৰ দুৰৱস্থা: পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ ৰাইজৰ

ৰাজ্যত উন্নয়ণৰ শ্লোগানেৰে শাসনৰ গাদীত বহা চৰকাৰখনে ঐতিহাসিক পথ সমূহৰ উন্নয়ণত কিমান গুৰুত্ব দিছে ? এক ঐতিহাসিক পথৰ দুৰাৱস্থাৰ বাবে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত শিৱসাগৰত(Protest in Sivasagar due to bad condition of roads) । ঐতিহাসিক দুৱৰণী আলিৰ এতিয়া জৰাজীৰ্ণ ৰূপ(Bad condition of roads in Sivasagar) ।

protest blocking roads in sivasagar
দুৱৰণী আলিৰ দুৰাৱস্থা: পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ ৰাইজৰ

By

Published : May 17, 2022, 9:48 PM IST

শিৱসাগৰ,১৭ মে': আহোম স্বৰ্গদেউ সকলে নিৰ্মাণ কৰোৱা বহু পথৰ অৱস্থা দেখিলে এতিয়া চকু কঁপালত উঠে সচেতন মহলৰ । আহোম যুগতে নিৰ্মাণ কৰা এটি পথ দুৱৰণী আলি । কিন্তু এই দুৱৰণী আলিৰ এতিয়া জৰাজীৰ্ণ ৰূপ । বৃহত্তৰ আমগুৰি মেটেকাবাসী ৰাইজৰ যাতায়তৰ বাবে একমাত্ৰ পথ হিচাপে বিবেচিত হৈ আহিছে এই ঐতিহাসিক দুৱৰণী আলি ।

কিন্তু, গাঁওখনৰ মাজ অংশত পথটোৰ প্ৰায় এশ মিটাৰ দৈৰ্ঘ্য সম্পুৰ্ণৰূপে ধংস প্ৰাপ্ত হৈছে ৷ যাৰ বাবে শেহতীয়াহৈ হৈ অহা বৰষুণত উক্ত বিধস্ত অংশটোত পানী জমা হৈ এক অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বৰ্তমান পৰিস্থিতি ইমানেই জটিল হৈ পৰিছে যে পথৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড এশ মিটাৰ দৈৰ্ঘ্যৰ পুখুৰী সদৃৰ্শ অংশটো সাধাৰণ পথাচাৰীৰ পক্ষে অতিক্ৰম কৰাটো একেবাৰে অসম্ভৱ ৷

দুৱৰণী আলিৰ দুৰাৱস্থা: পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ ৰাইজৰ

এই অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হৈ স্থানীয় ৰাইজ ওলাই আহি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ(Protest in Sivasagar due to bad condition of roads) । পথ অৱৰোধেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক ৰাইজে । স্থানীয় বিধায়কৰ মূর্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে মেটেকা আমগুৰি গাঁৱৰ পৰিৱেশ । ৰাইজে স্থানীয় ঐতিহাসিক দুৱৰণী আলি পথৰ মেৰামতিৰ ক্ষেত্ৰত ৰাইজক প্ৰতাৰণা কৰাৰ অভিযোগ তুলি বিধায়ক অখিল গগৈক তীব্র ভাষাৰে সমালোচনা কৰে ।

পথটোৰ তৎকালে মেৰামতি কৰাৰ দাবীত মঙলবাৰে বিয়লি স্থানীয় ৰাইজে পথ অৱৰোধ কাৰ্য্যসূচী গ্ৰহণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ যদি অতিশীঘ্ৰে এই পথচোৱা মেৰামতি কৰা নহয় তেন্তে পৰৱৰ্তী সময়ত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ গাঁৱৰ ৰাইজৰ ।

লগতে পঢ়ক:Landslide in Guwahati: মহানগৰীৰ দুটা স্থানত ভূমিস্খলন

ABOUT THE AUTHOR

...view details