অসম

assam

ETV Bharat / state

সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে সৰৱ আমগুৰিৰ বাইলুং গাঁওবাসী - illegal liquor

মঙলবাৰে আমগুৰিৰ জাঁজী মৰাণছিগা-বাইলুং গাঁওবাসীয়ে অবৈধ সুৰা বিপনীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, অঞ্চলটোত কাঠফুলাৰ দৰে বৃদ্ধি পাবলৈ ধৰিছে সুৰাৰ বিপনী ৷

সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে সৰৱ
সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে সৰৱ

By

Published : Sep 23, 2020, 10:52 AM IST

আমগুৰি, 23 ছেপ্তেম্বৰ:আমগুৰিৰ জাঁজী মৰাণছিগা-বাইলুং গাঁৱত অবৈধ সুৰা বিপনীৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ সচেতন ৰাইজৰ ৷ গাঁৱৰ মাজত দেশীয় সুৰাৰ বিপনী খোলাৰ অনুজ্ঞা পত্ৰ দিয়াক লৈ ক্ষুব্ধ হৈ পৰিছে গাঁওবাসী ৷ মৰাণছিগা-বাইলুং গাঁৱৰ লগতে দাঁতিকাষৰীয়া গাঁৱৰ ৮২ খনকৈ অবৈধ সুৰা বিপনীৰ গ্ৰাসত পৰি অঞ্চলটোৰ নৱ প্ৰজন্ম ধ্বংস হোৱাৰ শংকাত সম্প্ৰতি ভীতিগ্ৰস্ত স্থানীয় লোক ৷ ৰাইজৰ অভিযোগ কাঠফুলাৰ দৰে অঞ্চলটোত ক্ৰমান্বয়ে বৃদ্ধি পাইছে সুৰাৰ বিপণী ৷

সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে সৰৱ আমগুৰিৰ বাইলুং গাঁওবাসী

যাৰ বাবে মঙলবাৰে একাংশ লোকক সুৰাৰ বিপণী খুলিবলৈ অনুজ্ঞা পত্ৰ দিয়া ঘটনাক কেন্দ্ৰ কৰি সৰৱ হৈ পৰে অঞ্চলটোৰ প্ৰায় 2 শতাধিক মহিলা ৷ মৰাণছিগা ৰাজহুৱা প্ৰেক্ষাগৃহত অবৈধ সুৰাৰ বিৰুদ্ধে ৰাজহুৱা সভা অনুষ্ঠিত কৰি দেশীয় সুৰাৰ বিপণী অঞ্চলটোৰ পৰা স্থানান্তৰৰ দাবী উত্থাপন কৰে ৷ লগতে অঞ্চলটোত অবৈধ সুৰাৰ ব্যৱসায় বন্ধ কৰিবলৈয়ো সকীয়নি প্ৰদান কৰে ৷ অন্যথা মহিলা সমাজে নিজাববীয়াকৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ প্ৰদান কৰে ৷

এই ক্ষেত্ৰত আবকাৰী বিভাগৰ বিৰুদ্ধেও বিস্ফোৰক মন্তব্য কৰে স্থানীয় লোকে ৷ স্থানীয় গাঁওবুঢ়া গৰাকীয়ে উল্লেখ কৰা অনুসৰি, সেই অঞ্চলসমূহলৈ আবকাৰী বিভাগৰ লোকে পৰিদৰ্শন কৰিবলৈ আহিলেও তেওঁলোকে নিজৰ কমিচনৰ অংকত নিৰ্দিষ্ট লোকৰ ঘৰত সোমাই কমিচন আদায় কৰি নিজ গন্তব্যস্থলীলৈ ৰাওনা হয় ৷

লগতে পঢ়ক:অসম-নাগালেণ্ড সীমান্তত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

ABOUT THE AUTHOR

...view details