আমগুৰি,২৫ আগষ্ট :জৰাজীৰ্ণ পথৰ বাবে হাৰাশাস্তি শিৱসাগৰৰ আমগুৰিৰ ৰাইজৰ (Road condition at Amguri)। উন্নয়নৰ শ্ল'গান দিয়া বিজেপি চৰকাৰে অঞ্চলটোৰ ভগা-ছিগা পথবোৰ মেৰামতি নকৰাৰ ফলত নিতৌ সমস্যাত পৰিছে ৰাইজ । যাৰ বাবে ৰাজপথলৈ ওলাই আহিল ক্ষোভিত ৰাইজ (People protest for damaged road)।
আমগুৰি সমষ্টিৰ খনামুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং আৰু ২ নং দীঘলীজানৰ জৰাজীৰ্ণ পথৰ বাবে অসুবিধাত পৰিছে গাঁৱৰ ৰাইজ । যাৰ বাবে পথৰ নিৰ্মাণৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে গাঁৱৰ পুৰুষ-মহিলাসকলে । বিধায়ক প্ৰদীপ হাজৰিকা আৰু বিজেপি নেতৃত্বাধীন চৰকাৰৰ মিথ্যাচাৰৰ বাবে অঞ্চলটোৰ পথৰ এই দুৰৱস্থা বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে । সেয়েহে প্ৰদীপ হাজৰিকা হায় হায়, বিজেপি মুৰ্দাবাদ আদি ধ্বনিৰে দীঘলীজানৰ পুৰুষ-মহিলাসকলে পৰিৱেশ উত্তাল কৰি তোলে ।
দেশৰ স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো অঞ্চলটোৰ গুৰুত্বপূৰ্ণ পথ দুটা পকী নোহোৱাত উদ্বেগ প্ৰকাশ কৰে স্থানীয় মহিলাসকলে । তেওঁলোকে অভিযোগ কৰা মতে নিৰ্বাচনৰ পূৰ্বে জনপ্ৰতিনিধিসকলে ৰাইজক ভুৱা আশ্বাস প্ৰদান কৰি আহিছে আৰু নিৰ্বাচনৰ পাছত জনপ্ৰতিনিধিসকলে ৰাইজলৈ পিঠি দিয়াৰো অভিযোগ স্থানীয় ৰাইজৰ ।