আমগুৰি, 8 নৱেম্বৰ: সমষ্টিত জনপ্ৰিয়তা হেৰুৱাইছে নেকি অগপৰ জ্যেষ্ঠ বিধায়ক প্ৰদীপ হাজৰিকাই ৷ নিজ সমষ্টিতে উদ্বোধনী অনুষ্ঠানৰ পৰা অধোমুখে উভতিব লগা হ’ল বিধাক গৰাকী ৷ আমগুৰি সমষ্টিৰ অন্তৰ্গত লালিম চাপৰিত সমষ্টিবাসীৰ বাধাৰ সন্মুখীন হ’ল প্ৰদীপ হাজৰিকা ৷ নিৰ্বাচনৰ প্ৰাক্ ক্ষণত এইদৰে বিধায়ক গৰাকীয়ে নিজ সমষ্টিত ৰাইজৰ বাধাৰ সন্মুখীন হোৱা ঘটনাই তাৎপৰ্য বহন কৰিছে ৷
উদ্বোধনী অনুষ্ঠাৰ পৰা ৰাইজে ওভতাই পঠালে বিধায়ক প্ৰদীপ হাজৰিকাক
আমগুৰি সমষ্টিৰ অন্তৰ্গত লালিম চাপৰি গাঁও পঞ্চায়তৰ অধীনত নিৰ্মিত দোকান গৃহৰ শুভ উদ্বোধনী অনু্ষ্ঠানত সংঘটিত হয় এই ঘটনা ৷ বিধায়কক ফিটা কাটিবলৈ নিদিলে ৰাইজে ৷ ঘটনাক কেন্দ্ৰ কৰি উক্ত স্থানত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷
ঘটনাটো আছিল এনেধৰণৰ, আমগুৰি সমষ্টিৰ অন্তৰ্গত লালিম চাপৰি গাঁও পঞ্চায়তৰ অধীনত নিৰ্মিত দোকান গৃহৰ শুভ উদ্বোধনী অনু্ষ্ঠানত অংশ ল’বলৈ গৈছিল প্ৰদীপ হাজৰিকা ৷ কিন্তু এই অনুষ্ঠানত ফিটা কটাত বিধায়ক গৰাকীক বাধা দিয়ে একাংশ লোকে ৷ ইয়াৰ পাছতে ঘটনাক কেন্দ্ৰ কৰি উক্ত স্থানত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ অৱশেষত বিধায়ক গৰাকীয়ে দোকান গৃহ উদ্বোধন নকৰাকৈয়ে উভতি যাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷ উল্লেখ্য যে, চতুৰ্দশ বিত্তীয় আয়োগৰ পুঁজিৰে লালিম চাপৰি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখৰ নিৰ্মাণ কৰা হৈছে উক্ত দোকান গৃহ সমুহ ৷ এই অনুষ্ঠানত বিধায়ক প্ৰদীপ হাজৰিকা সহ উপস্থিত আছিল আমগুৰি খণ্ড উন্নয়ণ বিষয়া, গাঁও পঞ্চায়তৰ সভাপতি, আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ লগতে পঞ্চায়তৰ কৰ্মকৰ্তাসকল ৷
লগতে পঢ়কঃনিযুক্তি কেলেঙকাৰী সন্দৰ্ভত গুৱাহাটীত জাতীয় যুৱ শক্তিৰ প্ৰতিবাদ