শিৱসাগৰ,24 মাৰ্চ :কৰ'ণাভাইৰাছৰ আতংকত জনবিছিন্ন হৈ পৰিল ভগৱান। বন্ধ হৈ পৰিল মন্দিৰ,মছজিদ,গীৰ্জা । ভগৱানক বিচাৰি এনে সংকটৰ সময়ত ভক্তৰ হাহাকাৰ। এফালে সংকট,আনফালে নিৰুদিষ্ট ভগৱান । উপায় নাপাই ভগৱানৰ ঘৰৰ বাহিৰতে ভক্তৰ সেৱা ।
লক্ ডাউনৰ মাজতো শিৱ দ'ললৈ আহিল ভক্ত ! - কৰ'ণাভাইৰাছৰ আতংকত জনবিছিন্ন হৈ পৰিল ভগৱান
কৰ'ণাভাইৰাছৰ আতংকত কঁপিছে পৃথিৱী। মৃত্যু হৈছে হাজাৰ হাজাৰ লোকৰ। এনে সংকটৰ সময়তো কিন্তু ভগৱান ভৰষা বাদ দিয়া নাই একাংশই ৷ সংকটৰ সময়ত সৃষ্টিকৰ্তাৰ লগত মানুহৰ যোগাযোগ নোহোৱা হৈ পৰিছে । যোগাযোগ কৰিবলৈ উপায় নাই । বন্ধ কৰি দিয়া হৈছে ভগৱানৰ সকলো ঘৰ।
কৰ'ণাভাইৰাছৰ আতংকত কঁপিছে পৃথিৱী। মৃত্যু হৈছে হাজাৰ হাজাৰ লোকৰ। এনে সংকটৰ সময়তো কিন্তু ভগৱান ভৰষা বাদ দিয়া নাই একাংশই ৷ সংকটৰ সময়ত সৃষ্টিকৰ্তাৰ লগত মানুহৰ যোগাযোগ নোহোৱা হৈ পৰিছে । যোগাযোগ কৰিবলৈ উপায় নাই । বন্ধ কৰি দিয়া হৈছে ভগৱানৰ সকলো ঘৰ ।
কৰ'নাভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ল শিৱসাগৰৰ ঐতিহাসিক শিৱদ'ল। তথাপিও ভক্তৰ ভক্তি জানো কোনোবাই ৰোধ কৰিব পাৰে ! ভগৱানক জানো কোনোবাই ভক্তৰ প্ৰাৰ্থনাৰ পৰা বঞ্চিত কৰিব পাৰে ! শিৱদ'ল বন্ধ হ'লেও সীমাৰ বাহিৰৰ পৰা ভক্তই যাঁচিলে সেৱা। জ্বলালে ধূপ,নিবেদিলে প্ৰাৰ্থনা। পৃথিৱীৰ পৰা কৰ'ণা ভাইৰাছ নাশৰ কামনা কৰিলে ভক্তবৃন্দই ৷
লগতে পঢ়ক : উত্তৰ-পূৰ্বাঞ্চলত ধৰা পৰিল কৰ'ণা আক্ৰান্ত ৰোগী