শিৱসাগৰ, 11 মে’:আগন্তুক 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবলৈ ইতিমধ্যেই অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত একত্ৰিত হৈছে 11 টাকৈ ৰাজনৈতিক দল (Lok Sabha election 2024) ৷ কিন্তু এই 11 ৰাজনৈতিক দলত বদৰুদ্দিন আজমলৰ AIUDFক স্থান দিয়া নাই কংগ্ৰেছে ৷ ইয়াৰ পাচতো কিন্তু মিত্ৰতাৰ আশা এৰা নাই আজমলে ৷ কংগ্ৰেছক সমালোচনা কৰিলেও দিল্লীৰ কংগ্ৰেছ হাইকমাণ্ডে বিচাৰিলে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ বাবে সাজু বুলি মন্তব্য কৰি আহিছে আজমলে (Congress AIUDF alliance) ৷
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰে ৷ এআআইউডিএফৰ লগত মিত্ৰতা নকৰিলে কংগ্ৰেছ দলে তিনিটা লোকসভা সমষ্টি হেৰুৱাব বুলি আজমলে কৰা মন্তব্যক হাস্যকৰ বুলি অভিহিত কৰে ঘাটোৱাৰে ৷ তেওঁ কয় যে, কংগ্ৰেছ দলে আন এঘাৰটা দলৰ লগত কৰিব লোৱা মিত্ৰতাত বদৰুদ্দিন আজমলৰ দলক আঁতৰাই ৰখাৰ বাবে তেওঁ এইবোৰ বলকি আছে (Pawan Singh Ghatowar on Ajmal) ৷
কোনো এজন লোকৰ কথাত ৰাইজে ভোট নিদিয়ে বুলি তেওঁ উল্লেখ কৰি সেইয়া ৰাইজে নিৰ্ধাৰণ কৰিব বুলি তেওঁ সদৰী কৰে ৷ আনহাতে একাংশ কংগ্ৰেছ নেতাই বিজেপি দলৰ পৰা দৰমহা লোৱা সন্দৰ্ভত কংগ্ৰেছ নেতাগৰাকীয়ে কয়, ‘‘এইবোৰ ভিত্তিহীন কথা ৷ বদৰৰ কল্পনা ৷’’