শিৱসাগৰ, ২৪ ডিচেম্বৰ: প্লাষ্টিকমুক্তএখন সেউজীয়া পৃথিৱীৰ উদ্দেশ্য আগত ৰাখি নিজসৃষ্টিৰাজিৰে আদৰ্শ দেখুওৱা এজন যুৱক। শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিৰ সমান্তৰালকৈ বাঁহ-বেতৰ সুকীয়া কৰ্মবৃত্তিৰ বাবে যুৱকজনে লাভ কৰিছে বিশেষ চৰ্চা। শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ অন্তৰ্গত নামদাং নগাআলিৰ নিবাসী জীতেন চন্দ্ৰ দাস, কল্পনা দাসৰ পুত্ৰ পাৰ্থ প্ৰতীম দাসে সমাজখন প্লাষ্টিকমুক্ত কৰিবলৈ গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ। ২০১০ চনৰ পৰা নিজে প্লাষ্টিক বৰ্জন কৰি বাঁহ-বেতৰ শিল্পৰ লগত জড়িত হৈ পৰে যুৱকজন।
নিজ প্ৰচেষ্টাৰে বাঁহ-বেতেৰে যুৱকজনে ইতিমধ্যে সাজি উলিয়াইছে বিভিন্ন আচবাব যেনে টেবুল-চকী,ডাইনিং টেবুল,বিচনা,চোফাৰ,টুল,লাইটৰ ষ্টেণ্ড,ঘৰ সজোৱা বিভিন্ন সামগ্ৰী ইত্যাদি ৷ ঐকান্তিক প্ৰচেষ্টাৰে পাৰ্থ প্ৰতিমে সাজি উলিওৱা সামগ্ৰীসমূহে অসমৰ বিভিন্ন স্থানৰ লগতে বহিঃৰাজ্যলৈ যেনে বাংগালুৰু, গুজৰাট ইত্যাদিটো গুৰুত্ব পাইছে। ১৭০ নং ভা-ধৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে কৰ্মৰত পাৰ্থ প্ৰতীম দাসে চাৰিজন শিক্ষিত যুৱককো কৰ্মসংস্থাপন দি আহিছে।