অসম

assam

By

Published : Apr 13, 2019, 7:36 PM IST

Updated : Apr 13, 2019, 8:53 PM IST

ETV Bharat / state

গড়গাঁও মহাবিদ্যালয়ৰ  অৰ্থনীতি বিভাগৰ "এন্টাৰ্প্ৰিনাৰ একাডেমীয়া মিট্"

ছাত্ৰ-ছাত্ৰী সকলে যাতে শিক্ষা সমাপ্ত কৰাৰ পাছত স্বাৱলম্বী হ'ব পাৰে সেই উদ্যেশ্যেৰে অনুষ্ঠিত উক্ত অনুষ্ঠানৰ৷ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগত আমন্ত্ৰিত অতিথিৰ মত-বিনিময় ৷

গড়গাঁও মহাবিদ্যায়ৰ  অৰ্থনীতি বিভাগৰ "এন্টাৰ্প্ৰিনাৰ একাডেমীয়া মিট্"

নিউজ ডেস্ক, 13 এপ্ৰিলঃ শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগে শনিবাৰে অনুষ্ঠিত কৰে "এন্টাৰ্প্ৰিনাৰ একাডেমীয়া মিট্" শীৰ্ষক এক অনুষ্ঠান ৷ ছাত্ৰ-ছাত্ৰী সকলে যাতে শিক্ষা সমাপ্ত কৰাৰ পাছত স্বাৱলম্বী হ'ব পাৰে সেই উদ্যেশ্য আগত লৈয়ে উক্ত অনুষ্ঠানটোৰ আয়োজন কৰে৷ উক্ত অনুষ্ঠানত স্থানীয় সফল উদ্যমী ব্যক্তি সকলক আমন্ত্ৰণ কৰি ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত বিনিময়ৰ ব্যৱস্থা কৰা হয়৷

গড়গাঁও মহাবিদ্যায়ৰ অৰ্থনীতি বিভাগৰ "এন্টাৰ্প্ৰিনাৰ একাডেমীয়া মিট্"

আমন্ত্ৰিত ব্যক্তি সকল আছিল ৰাষ্ট্ৰীয় বটাঁ প্ৰাপ্ত কৃষক তিলেশ্বৰ সন্দিকৈ, সফল ব্যৱসায়ী নিৰ্মল লাহন আৰু সেউজ টিৰ স্বত্বাধিকাৰী কুশ লাহন৷ অনুষ্ঠানটোত গড়গাঁও মহাবিদ্যায়ৰ অৰ্থনীতি বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ লগতে মহাবিদ্যালয়খনৰ অধ্যাপক সকলেও অংশগ্ৰহণ কৰে ৷

Last Updated : Apr 13, 2019, 8:53 PM IST

ABOUT THE AUTHOR

...view details