অৰ্থৰ অভাৱত মৃত্যু জাগীৰোড কাগজ কলৰ কর্মচাৰীৰ - শ্বিলঙ
আমগুৰিৰ বৰছিলাত শোকৰ ছাঁ ৷ শ্বিলঙৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যক সাৱটি লয় চৈয়দ আব্দুছ চুভান নামৰ ব্যক্তিগৰাকীয়ে ৷
আমগুৰি ৭ জুলাই : অৰ্থৰ অভাৱত মৃত্যু হ’ল জাগীৰোড কাগজ কলৰ এগৰাকী কর্মচাৰীৰ ৷ যোৱা তিনি বছৰ ধৰি দৰমহা লাভ নকৰা জাগীৰোড কাগজ কলৰ কর্মচাৰী চৈয়দ আব্দুছ চুভানে শনিবাৰে বিয়লি শ্বিলঙৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যক সাৱটি লয় । শিৱসাগৰ জিলাৰ আমগুৰি বৰছিলাৰ অঞ্চলৰ নিবাসী চৈয়দ আব্দুছ চুভান নামৰ ব্যক্তিজন কেইবাবছৰ ধৰি জাগীৰোড কাগজ কলত কর্মৰত আছিল । কর্মৰত অৱস্থাত থাকোতে হঠাৎ এদিন ব্যক্তিজনৰ হৃদযন্ত্রৰ ক্রিয়া বন্ধ হৈ যোৱাত পৰিয়ালৰ লোকে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰোৱাই শৰীৰত হৃদযন্ত্র সংৰোপন কৰিছিল । ৰাজ্য চৰকাৰৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবে জাগীৰোড কাগজ কল বন্ধ হৈ থকাত কর্মৰত বিষয়া-কর্মচাৰীসকলে বহু বছৰ ধৰি দৰমহা আৰু অন্যান্য প্রাপ্য সুবিধা সমূহৰ পৰা বঞ্চিত হৈ অহাৰ সময়তে পুনৰ ধনৰ অভাৱত এজন কর্মচাৰীয়ে মৃত্যুক সাৱটিব লগীয়া ঘটনা পোহৰলৈ অহাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।