অসম

assam

ETV Bharat / state

শিৱসাগৰৰ চাৰিঙত চুতীয়া সম্প্ৰদায়ৰ অন্যতম লোকবিশ্বাস পানীতোলা সবাহ - mythological tradition and religious belief

অসমৰ ভূমিপুত্ৰ তথা খিলঞ্জীয়া জনগোষ্ঠী চুতীয়া সম্প্ৰদায়ৰ অন্যতম লোকবিশ্বাস হৈছে পানীতোলা সবাহ (One of folk beliefs of Chutiya community Panitola Sabah) । উজনি অসমৰ শিৱসাগৰ জিলাৰ চাৰিং অঞ্চলত সম্পন্ন হয় এই পানীতোলা সবাহ (Panitola Sabah at Saring in Sivasagar) ।

Panitola Sabah
Panitola Sabah

By

Published : Aug 18, 2022, 3:01 PM IST

Updated : Aug 18, 2022, 6:28 PM IST

আমগুৰি,18 আগষ্ট : অসমৰ ভূমিপুত্ৰ তথা খিলঞ্জীয়া জনগোষ্ঠী চুতীয়া সম্প্ৰদায়ৰ অন্যতম লোকবিশ্বাস হৈছে পানীতোলা সবাহ (One of folk beliefs of Chutiya community Panitola Sabah) । উজনি অসমৰ শিৱসাগৰ জিলাৰ চাৰিং অঞ্চলত সম্পন্ন হয় এই পানীতোলা সবাহ (Panitola Sabah at Saring in Sivasagar) ।

অসমৰ ভূমিপুত্ৰ তথা খিলঞ্জীয়া জনগোষ্ঠী চুতীয়া জনগোষ্ঠী যেতিয়া শাসন ক্ষমতাত অধিষ্ঠিত হৈছিল, তেতিয়াৰে পৰাই চুতীয়া অধ্যুষিত অঞ্চলবিলাকত এই পানীতোলা সবাহ পৰম্পৰা চলি আহিছে । বিশেষকৈ উজনি অসমৰ শিৱসাগৰ, গোলাঘাট, ডিব্ৰুগড়, টিংখাঙৰ চুতীয়া অধ্যুষিত এলেকাত এই পৰম্পৰা, লোকবিশ্বাস চলি আহিছে । সমাজত প্ৰচলিত এক ধৰ্মীয় আস্থা আৰু পৰম্পৰাই হৈছে পানীতোলা সবাহ ।

শিৱসাগৰৰ চাৰিঙত চুতীয়া সম্প্ৰদায়ৰ অন্যতম লোকবিশ্বাস পানীতোলা সবাহ

অসম এখন কৃষিপ্ৰধান ৰাজ্য (Assam is an agrarian state) । কৃষিকাৰ্যৰ বাবে পথাৰত প্ৰয়োজন হয় পৰ্যাপ্ত পানী । আৰু বসন্ত ৰোগৰ পৰা পৰিত্ৰাণ পাবৰ বাবে চুতীয়া সম্প্ৰদায়ৰ লোকসকলে প্ৰতিবছৰে আয়োজন কৰে পানীতোলা কাৰ্য । শিৱসাগৰ জিলাৰ চাৰিং অগ্নিবড় খনিকৰ গাঁৱৰ চুতীয়া সম্প্ৰদায়ৰ লোকসকলে এই পৌৰাণিক পৰম্পৰা তথা ধৰ্মীয় আস্থাক ধৰি ৰাখিছে (Chutiya community of Charing in Sivasagar) ।

এই পৰম্পৰাত তিনিগৰাকীকৈ কুমাৰী ছোৱালীয়ে অংশগ্ৰহণ কৰে যিয়ে দুদিন ধৰি ব্ৰতত থাকি, সম্পূৰ্ণ নীতি-নিয়ম মানি, শুভ্ৰ বসনেৰে নামঘৰলৈ আহে । নামঘৰত ধৰ্মীয় নীতিৰে ভকত-আয়তীসকলক লগত লৈ কাষতে থকা কোনো নদী, জান-জুৰিৰ পৰা তিনিটাকৈ তামৰ ঘটত তিনিবাৰ পানী সংগ্ৰহ কৰি গাঁৱৰ নামঘৰত তিনিবাৰ প্ৰদক্ষিণ কৰা হয় আৰু সেই পানীৰে নামঘৰৰ খুঁটা আৰু মণিকূট পৰিষ্কাৰ কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয় (mythological tradition and religious belief) ।

ইয়াৰ বিশ্বাস এয়াই যে কৃষিপ্ৰধান ৰাজ্য হিচাপে অসমৰ কৃষিভূমিত পৰ্যাপ্ত বৰষুণৰ প্ৰয়োজন হয় । লোকবিশ্বাস যে এনে কৰিলে পৰ্যাপ্ত বৰষুণ দিয়ে আৰু খেতিপথাৰ নদন-বদন হৈ উঠে । আনহাতে, শুভ্ৰ বসনত যিহেতু তিনিগৰাকী কুমাৰী ছোৱালী আহে, তেওঁলোকক আই হিচাপে প্ৰতীকী ৰূপত মানে । পানী তুলিবলৈ যাওঁতে আইনাম আৰু অপেশ্বৰী নাম গোৱা হয় ।

আন এক বিশ্বাস যে পূৰ্বতে বসন্ত ৰোগত বহু লোকৰ মৃত্যু হৈছিল (many people died in Assam in smallpox) । এই ৰোগক চিনাক্ত কৰিব পৰা নাছিল । এনে মহামাৰীৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে পানী তোলা পৰ্ব কৰা হয় । লোকবিশ্বাস যে এনে কাৰ্য কৰিলে আই-গোঁসানী সন্তুষ্ট হয় । এনেদৰে পানী তোলা সবাহৰ নিয়ম-নীতি পালন কৰা হয় ।

লগতে পঢ়ক :হৰি নামৰ ধ্বনিৰ মুখৰিত ঢেকীয়াখোৱা বৰনামঘৰ

Last Updated : Aug 18, 2022, 6:28 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details