শিৱসাগৰ,26 জানুৱাৰী: অসমৰ সাহিত্য জগতত কথাশিল্পী ৰূপে পৰিচিত,সু লেখক,চিন্তাবিদ তথা ২০১০ চনৰ বৰপেটাৰোডত অনুস্থিত অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰা ইমৰান শ্বাহলৈ পদ্মশ্ৰী সন্মান ৷ ১৯৩৩ চনৰ ২৩ নৱেম্বৰত শিৱসাগৰৰ দৰবাৰ ফিল্ড সমীপৰ ধাইআলিত জন্ম গ্ৰহণ কৰা ইমৰাণ শ্বাহ বিখ্যাত নবাব বংশৰ মহম্মদ শ্বাহ আৰু মৰিয়ম নিছাৰ পুত্ৰ ৷ ১৯৩৮ চনত ধাইআলি ২নং প্ৰাথমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা আৰম্ভ কৰি ১৯৪৩ চনত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা আৰম্ভ কৰে। ১৯৫১ চনত নৱম শ্ৰেণীত পঢ়ি থাকোতেই প্ৰথম খন কাব্য সংকলন বনবাসী প্রকাশ হৈছিল। প্ৰকাশক আছিল তেওঁৰ বন্ধু লিয়াকৎ হুছেইন। অতি কম বয়সতে তেখেতে শিৱসাগৰৰ কেন্দ্ৰীয় ঈদগাহ ময়দানত নামাজ পঢ়িবলৈ আৰম্ভ কৰাৰ লগতে ঈদ মোবাৰক নামৰ এখন গ্ৰন্থও লিখি উলিয়াইছিল । ১৯৫২ চনত দশম শ্ৰেণীত অধ্যয়নৰত অৱস্থাতে সংগীতৰ সিপাৰে নামৰ উপন্যাস খন ৰচনা কৰিছিল যিখন তেওঁৰ জীৱনৰ প্ৰথমখন উপন্যাস।
সাহিত্যিক,কথাশিল্পী ইমৰান শ্বাহলৈ পদ্মশ্ৰী সন্মান - PadmaShri award to Imran Shah
২০১০ চনৰ বৰপেটাৰোডত অনুস্থিত অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰা ইমৰান শ্বাহলৈ পদ্মশ্ৰী সন্মান ৷ অসমৰ সাহিত্য জগতত কথাকবি ৰূপে পৰিচিত,সু লেখক,চিন্তাবিদ তথা প্রৱক্তা ইমৰান শ্বাহলৈ ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মাণ ৷ ২০০৯ চনত অসম উপত্যকা বঁটা আৰু ২০১২ চনৰ ১৪ জুলাইত আজানপীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা ইমৰাণ শ্বাহ অসমীয়া সাহিত্যৰ জগতৰ এটি উজ্জ্বল তৰা ৷
![সাহিত্যিক,কথাশিল্পী ইমৰান শ্বাহলৈ পদ্মশ্ৰী সন্মান সাহিত্যিক, কথাশিল্পী ইমৰান শ্বাহলৈ পদ্মশ্ৰী সন্মান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10381291-thumbnail-3x2-imran-shah.jpg)
সাহিত্যিক, কথাশিল্পী ইমৰান শ্বাহলৈ পদ্মশ্ৰী সন্মান
সাহিত্যিক, কথাশিল্পী ইমৰান শ্বাহলৈ পদ্মশ্ৰী সন্মান
Last Updated : Jan 26, 2021, 7:35 AM IST