আমগুৰি, 4 জুলাই : এতিয়া খেতিৰ ভৰপক সময় ৷ শাওনৰ পথাৰত কঠিয়া ৰোৱাত ব্যস্ত হৈ পৰিছে কৃষক-ৰোৱনী সকল ৷ ইয়াৰ মাজতে আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা দিখৌমুখত পোন প্ৰথমবাৰৰ বাবে পৰীক্ষামূলক ব্যৱহাৰ কৰা হয় Paddy Transplantor নামৰ এটা কঠিয়া ৰোৱা যন্ত্ৰ ৷ পেট্ৰ’ল চালিত দুই লাখ 63 হাজাৰ টকা মূল্যৰ যন্ত্ৰটোৱে এক ঘন্টাত এক লিটাৰ ইন্ধনেৰে দুই বিঘা মাটিত কঠিয়া ৰুব পাৰিব কৃষকে ৷
দিখৌমুখৰ পথাৰত ৰোৱনী লুকালে ! - paddy transplantor use at sivsagar
শাওনৰ পথাৰত কঠিয়া ৰোৱাত ব্যস্ত হৈ পৰিছে কৃষক-ৰোৱনী সকল ৷ ইয়াৰ মাজতে শিৱসাগৰ জিলাৰ পথাৰত এটা কঠিয়া ৰোৱা যন্ত্ৰই দৃষ্টি আকৰ্ষণ কৰিছে কৃষক ৰাইজৰ ৷ কিন্তু কি এই বিশেষ যন্ত্ৰটো ?
![দিখৌমুখৰ পথাৰত ৰোৱনী লুকালে ! paddy-transplantor-use-at-sivsagar-paddy-field](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12352507-thumbnail-3x2-p1.jpg)
দিখৌমুখৰ পথাৰত অত্যাধুনিক কঠিয়া ৰোৱা যন্ত্ৰ
দিখৌমুখৰ পথাৰত অত্যাধুনিক কঠিয়া ৰোৱা যন্ত্ৰ
দলিছা পদ্ধতিত অতি সহজে কঠিয়া ৰোৱা এই যন্ত্ৰটোৰ দ্বাৰা ৰুলে ধানৰ উৎপাদনো বৃদ্ধি পায় বুলি জনাইছে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়ববীয়াই ৷ শিৱসাগৰ জিলা কৃষি বিজ্ঞান কেন্দ্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ দ্বাৰা ৰূপায়িত হোৱা Assam Agribussiness and Rural Transformation Project আঁচনিৰ অধীনত যিকোনো কৃষকে ৰাজ-সাহাৰ্যৰ জৰিয়তে এই যন্ত্ৰটো ক্ৰয় কৰিব পাৰিব ৷ খেতিৰ দিনত ৰোৱনী বিচাৰি হাহাকাৰ কৰা কৃষকসকলে এই যন্ত্ৰ ব্যৱহাৰ কৰি খৰছ হ্ৰাস কৰাই নহয় ধানৰ উৎপাদনো বৃদ্ধি কৰি উপকৃত হ'ব পাৰিব ৷