আমগুৰি, ১৫ অক্টোবৰ : অসম বিধানসভাৰ ৰাজহুৱা হিচাপৰক্ষী সমিতিৰ এটা দলে আমগুৰি সমষ্টিৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম-কাজসমূহ পৰিদৰ্শন কৰি বিভাগীয় কাৰ্যবাহী অভিযন্তা আৰু দায়িত্বশীল বিষয়াক জবাবদিহি কৰে (PAC investigated development works in Amguri) । উক্ত পৰিদৰ্শনকালত সাংবাদিকৰ কেমেৰাৰ সন্মুখতে লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু দায়িত্বশীল বিষয়াক জবাবদিহি কৰে (poor works of PWD in Amguri) ।
উক্ত পৰিদৰ্শনৰ সময়ত বৰবাম চাহ বাগিচা ফেক্টৰী লাইন সংযোগী পথ অতি নিম্নমানৰ হোৱা বুলি প্ৰকাশ কৰি বিভাগীয় অভিযন্তাক জবাবদিহি কৰে । হালোৱাটিঙৰ চিকিৎসালয় পৰিদৰ্শনৰ সময়তে নিৰ্মীয়মাণ গৃহৰ বিভিন্ন অংশত ফাঁট মেলা, পকী অংশত পানী পৰাকে ধৰি বিভিন্ন বিসংগতি ধৰা পেলায় । আনহাতে, মুখ্যমন্ত্ৰীৰ ছিগনেচাৰ আঁচনিৰ (CM signature project) অধীনত আমগুৰি সমষ্টিৰ নিৰ্মীয়মাণ ষ্টেডিয়ামৰ কাম অতি নিম্নমানৰ হোৱা বুলি প্ৰকাশ কৰে । পৰিদৰ্শনৰ সময়তে গেলাৰীৰ টাইলছ এৰাই যোৱাকে ধৰি বিসংগতিপূৰ্ণভাৱে কাম কৰাত বিভাগীয় অভিযন্তাক জবাবদিহি কৰে ।
উল্লেখ্য, আমগুৰিত বিধানসভাৰ ৰাজহুৱা হিচাপৰক্ষী সমিতিৰ (Public Accounts Committee of Assam Assembly) পৰিদৰ্শনৰ সময়ত উন্নয়নমূলক কামত ঠিকাদাৰৰ ব্যাপক দুৰ্নীতি আৰু অনিয়ম পোহৰলৈ অহা কাৰ্যই তাৎপৰ্য বহন কৰিছে । অৱশ্যে বিধানসভাৰ ৰাজহুৱা হিচাপৰক্ষী সমিতিৰ এনে পৰিদৰ্শনৰ পিছত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ শ্লোগান আওৰোৱা বিজেপি চৰকাৰে এইসকল ঠিকাদাৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়তহে লক্ষণীয় হ'ব ।