শিৱসাগৰ, 2 জানুৱাৰী : অসমৰ প্ৰথমখন সংবাদ পত্ৰ অৰুণোদয়ৰ জন্ম স্থান ঐতিহাসিক শিৱসাগৰত জিলা সাহিত্য সভাৰ সৌজন্যত পহিলা জানুৱাৰী দিনটোত পালন কৰা হয় অৰুনোদয় দিৱস(Orunodoi divas celebrated in Sivasagar)। খ্ৰীষ্টীয়ান মিছনেৰী সকলৰ প্ৰচেষ্টাত জন্ম লাভ কৰা অসমৰ প্ৰথমখন সংবাদ পত্ৰ অৰুনোদয়ৰ ১৭৬ সংখ্যক জন্ম জয়ন্তীৰ দিনটোত শিৱসাগৰ জিলা সাহিত্য সভা (Sivsagar district Sahitya sabha)ই শনিবাৰে ৰংপুৰ সাহিত্য সভা ভৱনত আয়োজন কৰে ।
এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ভাষাবিদ, সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুনে । ইয়াৰ লগতে এই অনুষ্ঠানটোত ৰাজ্যখনৰ বহুকেইজন সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়(Sivsagar Sahitya sabha felicitated journalists ) ৷ উল্লেখযোগ্য যে, অৰুণোদয়ৰ অভিজ্ঞান কৰিবলৈ ১৯৯৮ চনত প্ৰথমবাৰৰ বাবে শিৱসাগৰ জিলা সাহিত্য সভাই অনুষ্ঠিত কৰিছিল অৰুণোদয় দিৱস । পৰৱৰ্তী সময়ত অসম সাহিত্য সভাই (Assam Sahitya sabha) ২০০১ চনৰ পৰা পহিলা জানুৱাৰী দিনটোত পালন কৰি আহিছে অৰুণোদয় দিৱস ।