অসম

assam

ETV Bharat / state

Save Charaideo Maidams: চৰাইদেউ মৈদামৰ মাটি ৰক্ষাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান - চৰাইদেউ মৈদাম এলেকা

চৰাইদেউ বিশ্বস্তৰত স্বীকৃত হ’ল যদিও, শেহতীয়াকৈ এক নতুন শংকা আহি পৰিছে চৰাইদেউৰ মৈদামৰ প্ৰতি ৷ যাৰ বাবে কেইবাটাও দল-সংগঠনে ৰাজ্য চৰকাৰক এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছে (Ahom organisations demand to save Moidams) ৷

Ahom Moidams in Charaideu
Ahom organisations demand to save Moidams

By

Published : Jun 8, 2023, 8:00 PM IST

চৰাইদেউ মৈদামৰ মাটি ৰক্ষাৰ বাবে মুখ্যমন্ত্ৰীক আহবান

শিৱসাগৰ, 8 জুন: শিৱসাগৰত চৰাইদেউৰ মৈদাম বচাও আন্দোলন । বৃহত্তৰ চৰাইদেউ মৈদাম এলেকাত বসুন্ধৰা আঁচনি ৰূপায়ণ নকৰিবলৈ দহটাকৈ দল-সংগঠনৰ আহ্বান ৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ পোনপটীয়া হস্তক্ষেপ দাবী কৰি শিৱসাগৰত সংবাদ মেল সংগঠনকেইটাৰ । অন্যথা আহোম যুগৰ অন্যতম কীৰ্তি এই মৈদাম সমূহ ধ্বংস পাব বুলি তেওঁলোকে আশংকা প্ৰকাশ কৰে (Ahom Moidams in Charaideu) ৷

চৰাইদেউ মৈদামৰ সীমা নিৰ্ধাৰণ কমিটি, আহোম সভা, টাই সাহিত্য সভা, পূৰ্বাঞ্চল টাই সাহিত্য সভা, ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতি, মিডিয়া মেনেজমেণ্ট এণ্ড ৰিচাৰ্চ এচছিয়েচন, টাইপা, সদৌ অসম বৰপাত্ৰ গোঁহাই বংশাৱলী, পহুগড় ইক’ ট্যুৰিজম ডেভেলপমেণ্ট ছচাইটি, টাই আহোম বিকাশ কেন্দ্ৰ আদিয়ে বৃহস্পতিবাৰে সংবাদ মেল সম্বোধন কৰে (Ahom organisations demand to save Moidams) ৷

চৰাইদেউ মৈদামৰ বাফাৰ জ'নৰ 4756 বিঘা মাটি এতিয়া বসুন্ধৰা আঁচনিৰ অধীনত ম্যাদী পট্টাৰ নামজাৰি দিব লগাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সংগঠনসমূহে । বৰ্তমান বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অধীনত মাত্ৰ 756 বিঘা মৈদাম এলেকা সামৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে যদিও বাকী প্ৰায় 4000 বিঘা মাটি ব্যক্তিগত লোকক গতাই দিয়াৰ ব্যৱস্থা কৰিছে । ইয়াৰ দ্বাৰা মাত্ৰ কেইটামান মৈদাম সংৰক্ষণ কৰি প্ৰকৃত মৈদাম সমূহ ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ ব্যৱস্থা কৰা বুলি সংগঠন সমূহে অভিযোগ কৰে (Controversy over Moidam lands) ৷

লগতে পঢ়ক:BJP Janasamparka Campaign: বৰ্তমান সময়ত শান্তিৰ অসম ঘূৰি আহিছে - ৰূপজ্যোতি কুৰ্মী

বসুন্ধৰা আঁচনিৰ অধীনত মৈদাম থকা অঞ্চলসমূহৰ ম্যাদীকৰণৰ লগে লগে আহোম ৰাজত্বৰ অন্যতম পৰিচয় আৰু সংস্কৃতি এই মৈদাম সমূহ হেৰাই যাব বুলি জিতেন বৰপাত্ৰ গোঁহায়ে সদৰী কৰে । সেয়েহে এই সংবাদ মেলৰ জড়িয়তে বসুন্ধৰা আঁচনিৰ অধীনত চৰাইদেউ মৈদামৰ 4756 বিঘা মাটিত জি'অ টেগিং বন্ধ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনোৱাৰ লগতে তেওঁৰ পোনপটীয়া হস্তক্ষেপ কামনা কৰে সংগঠন কেইটাই (Moidams of Ahom kingdom)।

ABOUT THE AUTHOR

...view details