আমগুৰি, ৩০ ডিচেম্বৰ : সময়ৰ লগে লগে মানুহৰ চিন্তাধাৰাৰো পৰিৱৰ্তন হৈছে । পূৰ্বে মহিলাসকল ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থাকি ঘৰুৱা কামত ব্যস্ত আছিল । কিন্তু বৰ্তমান পুৰুষৰ সমানে সমানে মহিলাসকলেও সকলো কামতে আগভাগ লৈছে । কৃষিৰ লগতে বিভিন্ন ব্যৱসায়ত জড়িত হৈ পৰিছে মহিলাসকল । নিজৰ এক সুকীয়া পৰিচয়ৰ লগতে স্বাৱলম্বীতাৰ অন্যতম নিৰ্দৰ্শনো দাঙি ধৰিছে বিভিন্নগৰাকী মহিলাই ।
তাৰ উৎকৃষ্ট নিদৰ্শন হৈছে আমগুৰিৰ চুমি বৰা শইকীয়া নামৰ মহিলা উদ্যোগীগৰাকী (Woman entrepreneur in Sivasagar)। "মৰম" নামৰ এটা ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি চুমি বৰা শইকীয়াই এতিয়া অৰ্থনৈতিক বিপ্লৱ আৰম্ভ কৰিছে । শিৱসাগৰ জিলাৰ কালুগাঁও পাহিগাঁৱত ভাড়াতীয়া হিচাপে থকা চুমি বৰা শইকীয়া এগৰাকী সাম্প্ৰতিক সময়ৰ আদৰ্শবান মহিলা হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে ।
শিক্ষিত হৈও কোনো ধৰণৰ চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি নাখায় চুমি বৰা শইকীয়াই নিজা ভাড়াঘৰতে 'মৰম' নামৰ ক্ষুদ্ৰ উদ্যোগটো গঢ়ি তুলিছে । এক ব্যতিক্ৰমী চিন্তাধাৰা আৰু পদক্ষেপৰে চুমি বৰা শইকীয়াই নিজৰ লগতে অন্য বহু মহিলাক সংস্থাপন দিবলৈ সক্ষম হৈছে । আচলতে এই 'মৰম' নামৰ উদ্যোগটোত কি কি সামগ্ৰী নিৰ্মাণ কৰা হয় ? আমাৰ গাওঁ অঞ্চলত সততে লাভ কৰা কিছুমান ঔষধি গুণ সম্পন্ন গছৰ পৰা প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰি উলিওৱা হয় চুমি বৰাৰ এই ক্ষুদ্ৰ উদ্যোগটোত ।
আমি সততে বজাৰৰ পৰা অনা বিভিন্ন ব্ৰেণ্ডৰ চাবোন আমাৰ কাৰণে কিমান সুবিধাজনক অথবা আমাৰ শৰীৰটো বা চালখনৰ কাৰণে কিমান সুবিধাজনক সেইয়া নজনাকৈয়ে আমি তাক ব্যৱহাৰ কৰি থাকো । বহি:ৰাজ্যত ৰাসায়নিক পদাৰ্থৰে প্ৰস্তুত কৰা চাবোন আমাৰ কাৰণে কিমান বিপদজনক সেইয়া নজনাকৈয়ে আমি ব্যৱহাৰ কৰি থাকো । কিন্তু প্ৰকৃতিৰ পৰা উপলব্ধ বহু সামগ্ৰীৰ পৰা আমি ঘৰতে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ নকৰাকৈয়ে শৰীৰৰ বাবে উপযোগী হোৱাতৈ সেই চাবোন প্ৰস্তুত কৰিব পাৰো ।