অসম

assam

ETV Bharat / state

প্ৰকৃতি ৰক্ষাৰ নিৰন্তৰ যুঁজ "বৃক্ষবন্ধু"ৰ - বিলুপ্তপ্ৰায় থলুৱা ফলমূলৰ পুলি ৰোপন

আপুৰুগীয়া অৰ্কিড সংৰোপন আৰু বাঁহৰ ডাষ্টবিন স্থাপনেৰে গান্ধী জয়ন্তী উদযাপন "বৃক্ষবন্ধু"ৰ ৷ ঐতিহাসিক জেৰেঙা পথাৰত ৪২ বিধ বিলুপ্তপ্ৰায় থলুৱা ফলমূলৰ পুলি ৰোপনেৰে প্ৰকৃতি ৰক্ষাৰ নিৰন্তৰ যুঁজ বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ ৷

তলাতল ঘৰত অৰ্কিড সংৰোপন "বৃক্ষবন্ধু"ৰ

By

Published : Oct 3, 2019, 3:13 PM IST


শিৱসাগৰ , 3 অক্টোবৰঃ গান্ধীজয়ন্তীৰ লগত সংগতি ৰাখি "বৃক্ষবন্ধু" নামৰ বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে গ্ৰহণ কৰে এক অনন্য আৰু প্ৰশংসনীয় কাৰ্যসূচী ৷ গান্ধীজীৰ স্বচ্ছতাৰ সপোনক সাকাৰ ৰূপ দিয়াৰ লক্ষ্যৰে শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰ আৰু গোলাঘৰৰ চৌপাশৰ স্বচ্ছতাৰ বাবে বাঁহৰে নিৰ্মিত অৰ্ধশতাধিক ডাষ্টবিন স্থাপনৰ ব্যৱস্থা কৰে অনুষ্ঠানটোৱে ৷ এ টি ৰোডৰ পৰা তলাতল ঘৰলৈ যোৱা পথৰ দুয়ো কাষে থকা গছত আপুৰুগীয়া অৰ্কিড সংৰোপনৰো ব্যৱস্থা কৰে "বৃক্ষবন্ধু"ৱে ৷ উল্লেখ্য যে, চৰাইদেউ জিলাৰ লাইচেঙত জন্মলভা বৃক্ষ বন্ধু নামৰ বেচৰকাৰী অনুস্থানটোৱে জন্মলগ্নৰে পৰা দায়বদ্ধতাৰে প্ৰকৃতি ৰক্ষাৰ নিৰন্তৰ যুঁজখন অব্যাহত ৰাখিছে ৷ শেহতীয়াভাবে বৃক্ষ বন্ধুৱে ঐতিহাসিক জেৰেঙা পথাৰত ৪২ বিধ বিলুপ্তপ্ৰায় থলুৱা ফলমূলৰ পুলি ৰোপন কৰাৰ লগতে শিৱসাগৰ জাতীয় বিদ্যালয়ত ৰূপায়ন কৰিছে প্ৰকৃতি ৰক্ষাৰ সজাগতা অনুষ্ঠান ৷

তলাতল ঘৰত অৰ্কিড সংৰোপন "বৃক্ষবন্ধু"ৰ

ABOUT THE AUTHOR

...view details