অসম

assam

By

Published : Jun 30, 2023, 4:33 PM IST

ETV Bharat / state

Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ বিৰুদ্ধে শিৱসাগৰত সকলো বিৰোধীৰ প্ৰতিবাদ

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰোধিতা কৰি শিৱসাগৰৰ সকলো বিৰোধী দলৰ প্ৰতিবাদ ৷ ইয়াৰ বিৰোধিতাৰে নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা হয় এখন স্মাৰক পত্ৰ ৷ এই খচৰাৰ দ্বাৰা হিন্দু বাংলাদেশী আৰু মুছলমান বাংলাদেশীৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ অভিযোগ শৃংখল চলিহাৰ ৷

Constituency delimitation
Constituency delimitation

সমষ্টি পুনৰ নিৰ্ধাৰণ বিৰুদ্ধে শিৱসাগৰত সকলো বিৰোধীৰ প্ৰতিবাদ

শিৱসাগৰ, 30 জুন: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে শিৱসাগৰ নগৰত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৷ উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী শিৱসাগৰ নগৰৰ দ'লমুখ চাৰিআলিত ৰূপায়ণ কৰা হয় ৷ ৰাজ্যৰ প্ৰায় আটাইকেইটা বিৰোধী ৰাজনৈতিক দলৰ নেতা আৰু জাতীয় সংগঠনৰ নেতৃত্ব উপস্থিত থাকে এই প্ৰতিবাদী কাৰ্যসূচীত ৷

এই প্ৰতিবাদী কাৰ্যসূচীত আমগুৰি আৰু লাহোৱাল সমষ্টি বিলুপ্ত কৰাক লৈ ক্ষোভ প্ৰকাশ কৰাৰ লগতে তেওঁলোকে কেৱল বিজেপি দলৰ ভোট বেংক সুৰক্ষিত কৰাৰ স্বাৰ্থত ঐতিহাসিক শিৱসাগৰ সমষ্টিক ভাঙি নিঃশেষ কৰা বুলি অভিযোগ উত্থাপন কৰি ইয়াৰ তীব্ৰ বিৰোধিতা কৰে ৷ ইয়াৰ লগতে এখন শুদ্ধ NRC প্ৰকাশ নোহোৱালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ নিৰ্বাচন আয়োগলৈ বিৰোধী দলসমূহে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

বিধায়ক অখিল গগৈয়ে কয়,‘‘ আমগুৰি আৰু লাহোৱাল সমষ্টি কেতিয়াও বিলুপ্ত হ’বলৈ দিয়া নহ’ব ৷’’ শিৱসাগৰ বিধানসভা সমষ্টিৰ চাৰিসীমা সলনি কৰিব খুজিছে বুলি উল্লেখ কৰি সেয়া হ’বলৈ দিয়া নহ’ব বুলিও উল্লেখ কৰে গগৈয়ে ৷ চৰকাৰে অসমৰ খিলঞ্জীয়া ৰাইজৰ ওপৰত ‘চাৰ্জিকেল ষ্ট্ৰাইক’ কৰা বুলিও অভিযোগ গগৈৰ ৷

ইফালে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই কয়, ‘‘ চৰকাৰৰ এই সিদ্ধান্ত খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত আৰু এই সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ’ব ৷ হিন্দু বাংলাদেশী আৰু মুছলমান বাংলাদেশীক অসমত সুৰক্ষিত কৰাৰ বাবে এই সিদ্ধন্ত লোৱা হৈছে ৷’’ ইফালে কংগ্ৰেছ নেতৃত্বইয়ো সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ তীব্ৰ বিৰোধিতা কৰে ৷

এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ, বীৰ লাচিত সেনাৰ শৃংখল চলিহাৰ লগতে কংগ্ৰেছ দলৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ গৌৰৱ গগৈ, বিধায়ক ৰকিবুল হুছেইন,অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ, তৃণমূল কংগ্ৰেছৰ দিলীপ শৰ্মা, চিপআইএমৰ মনোৰঞ্জন তালুকদাৰ, চিপিআইএমএলৰ বলিন্দ্ৰ শইকীয়া, আপৰ সত্যপ্ৰতীম গায়ন, চিপিআইৰ কনক গগৈ, জেডিইউৰ পুলিন চেতিয়া, আৰজেডিৰ কাঞ্চন চেতিয়া, জাতীয় দলৰ দিগন্ত চেতিয়া আৰু এনচিপিৰ অজিত হাজৰিকা উপস্থিত থাকি ভাৰতৰ নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাক বিৰোধিতা কৰে ৷

লগতে পঢ়ক:Manipur CM To Resign: পদত্যাগৰ প্ৰস্তুতি মণিপুৰৰ মুখ্যমন্ত্ৰীৰ !

ABOUT THE AUTHOR

...view details