শিৱসাগৰ, 4 ডিচেম্বৰ :শিৱসাগৰ নগৰৰ মাজমজিয়াত পৌৰসভাৰ দ্বাৰা উচ্ছেদ অভিযান(Eviction of Sivasagar Municipality) প্ৰসংগক লৈ শনিবাৰে এক সংবাদমেল সম্বোধন কৰে ৰাইজৰ দলৰ শিৱসাগৰ জিলা সমিতিয়ে ৷ শিৱসাগৰ প্ৰেছ ক্লাৱত আয়োজন কৰা সংবাদমেলত শিৱসাগৰ ৰাইজৰ দলৰ উপ-সভাপতি ৰণজিৎ তামুলীয়ে কয়, শিৱসাগৰ পৌৰসভাই পদপথ দখল কৰি থকা ব্যৱসায়ী সকলৰ বিৰুদ্ধে চলোৱা অভিযান শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত গ্ৰহণ কৰা বুলি এক অপপ্ৰচাৰ চলোৱা হৈছে (Propaganda against Akhil Gogoi in Sivasagar) ৷
এনে ক্ষেত্ৰত এই উচ্ছেদ অভিযানৰ লগত অখিল গগৈ তথা ৰাইজৰ দলৰ শিৱসাগৰ জিলা সমিতি কোনো প্ৰকাৰে জড়িত নহয় বুলি স্পষ্টিকৰণ প্ৰদান কৰিছে ৰণজিৎ তামুলীয়ে ৷ উল্লেখ্য যে, শিৱসাগৰ নগৰৰ একাংশ ৰাইজ এই উচ্ছেদক লৈ সৰৱ হৈ পৰা পৰিলক্ষিত হৈছিল ।