অসম

assam

ETV Bharat / state

নাজিৰাত ব্যৱসায়িক প্ৰতিষ্ঠানত ওলাল বৃহৎ পৰিমাণৰ নিষিদ্ধ প্লাষ্টিকৰ সামগ্ৰী

ৰাজ্যজুৰি আৰম্ভ হৈছে প্লাষ্টিক বিৰোধী অভিযান(Anti-plastic drive begins in Assam) । এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক বেগ বিক্ৰী তথা ব্যৱহাৰৰ ওপৰত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতেই সষ্টম হৈছে নাজিৰ মহকুমা প্ৰশাসন(Government ban on use of plastic) । শনিবাৰে নাজিৰা পৌৰসভা আৰু নাজিৰা মহকুমা প্ৰশাসনে অভিযান চলাই দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ গুডামৰ পৰা উদ্ধাৰ কৰিলে ট্ৰাকে ট্ৰাকে প্লাষ্টিক বেগ ।

By

Published : Jul 9, 2022, 12:07 PM IST

operation against plastic in nazira
চৰকাৰী নিৰ্দেশনাক বৃদ্ধাঙ্গুষ্ঠ পদৰ্শন: নাজিৰাত ব্যৱসায়িক প্ৰতিষ্ঠানত ওলাল ট্ৰাকে ট্ৰাকে প্লাষ্টিকৰ সামগ্ৰী

নাজিৰা,৯ জুলাই:এবাৰ ব্যৱহাৰ্য্য প্লাষ্টিকৰ সামগ্ৰী আৰু পলিথিন বেগ বিক্ৰী তথা ব্যৱহাৰৰ ওপৰত চৰকাৰে নিষেধাজ্ঞা(Government ban on use of plastic) জাৰি কৰাৰ পিছতে সষ্টম হৈ পৰিছে নাজিৰা মহকুমা প্ৰশাসন(Anti-plastic drive begins in Assam) ৷ চৰকাৰী নিৰ্দেশনাক আওকান কৰি এতিয়াও বজাৰত এবাৰ ব্যৱহাৰ হোৱা প্লাষ্টিকৰ সামগ্ৰী আৰু পলিথিন বেগ আদি বিক্ৰী কৰি থকা একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে শণিবাৰে নাজিৰা নগৰত নাজিৰা পৌৰসভা আৰু নাজিৰা মহকুমা প্ৰশাসনে এক অভিযান চলায় ৷

চৰকাৰী নিৰ্দেশনাক বৃদ্ধাঙ্গুষ্ঠ পদৰ্শন: নাজিৰাত ব্যৱসায়িক প্ৰতিষ্ঠানত ওলাল ট্ৰাকে ট্ৰাকে প্লাষ্টিকৰ সামগ্ৰী

অভিযান কালত নাজিৰাৰ আগশাৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠান টাপাৰিয়া ষ্ট’ৰ আৰু কেফাই চ'পি নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান দুখনৰ গুডামৰ পৰা কেইবাশ কেজি এবাৰ ব্যৱহাৰ হোৱা প্লাষ্টিকৰ সামগ্ৰী আৰু পলিথিন বেগ জব্দ কৰে ৷ উক্ত ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনত চৰকাৰী নিয়ম অনুসৰি জৰিমনা বিহে নাজিৰাৰ মহকুমাৰ প্ৰশাসনে ৷ উক্ত অভিযান কালত নাজিৰা মহকুমা নিৰ্বাচনী বিষয়া অংশুলেখা দত্ত পাঠক আৰু পৌৰসভাৰ নগৰ প্ৰকল্প বিষয়া সীমাৰেখা বৰুৱা উপস্থিত আছিল ।

চৰকাৰী নীতি নিৰ্দেশনা নামানি নিজ ময়মতালিৰে এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিকৰ গিলাচ, প্লেট আৰু পলিথিনৰ বেগ বিক্ৰী কৰা এই ব্যৱসায়ী সকলক জৰিমনা বিহাৰ লগতে আগন্তুক দিনত এনে প্লাষ্টিকৰ সামগ্ৰী বিক্ৰী আৰু ব্যৱহাৰ কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকিয়াই দিয়ে নাজিৰা নগৰৰ ব্যৱসায়ী সকলক ৷ শণিবাৰে নাজিৰা নগৰত এই অভিযানৰ সময়ত মাত্ৰ দুই তিনিখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰাই প্ৰশাসনে জব্দ কৰা সামগ্ৰীৰ পৰিমাণ ইমানেই অধিক আছিল যে সামগ্ৰী সমূহ নিবলৈ প্ৰশাসনক ডাম্পাৰৰ প্ৰয়োজন হৈছিল ।

লগতে পঢ়ক:গৃহমন্ত্ৰীক সাক্ষাৎ কৰি বান পৰিস্থিতি অৱগত কৰিলে মুখ্য়মন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details