শিৱসাগৰ,২৬জুনঃ শিৱসাগৰ আৰক্ষীয়ে অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই দুদিনৰ ভিতৰত আটক কৰে চাৰিজন লোকক । মঙলবাৰে নিশা শিৱসাগৰ আৰক্ষীয়ে চলোৱা এক অভিযানত নগৰৰ থানাপট্টিৰ পৰা আৰক্ষীয়ে আটক কৰে কেকে আৰু পিকু নামৰ দুটা অবৈধ ড্ৰাগছ সৰবৰাহকাৰী । আনহাতে বুধবাৰেও এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে নগৰৰ এ.টি.ৰোডৰ গণকপট্টিৰ সমীপৰ পৰা ব্ৰাউন চুগাৰসহ আটক কৰে মানস গগৈ আৰু অংকুৰ জ্যোতি বৰুৱা নামৰ দুটা ড্ৰাগছ সেৱনকাৰীক । জানিব পৰা মতে, দুই ড্ৰাগছ সেৱনকাৰীয়ে বিহুবৰৰ 'ৰাজু' নামৰ ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা এহেজাৰ টকাৰ বিনিময়ত এই ড্ৰাগছ ক্ৰয় কৰিছিল ।
দুদিনত শিৱসাগৰৰ পৰা আটক চাৰি ড্ৰাগছ সৰবৰাহকাৰী - ড্ৰাগছৰ বিৰুদ্ধে অভিযান
আন্তঃৰাষ্ট্ৰীয় নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু ইয়াৰ অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ দিনাই শিৱসাগৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী ৷
দুদিনৰ ভিতৰত শিৱসাগৰত আটক চাৰিজন ড্ৰাগছ সৰবৰাহকাৰী
আন্তঃৰাষ্ট্ৰীয় নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু ইয়াৰ অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে বুধবাৰে শিৱসাগৰ নগৰৰ ৰংপুৰ জ্যোতি ক্লাৱত এক সজাগতা সভাও অনুষ্ঠিত হয় । শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এই সভাত ড্ৰাগছৰ কৱলৰ পৰা সমাজখনক মুক্ত কৰিবলৈ প্ৰশাসনে ৰাইজৰ সহযোগিতা কামনা কৰিছে । এই সভাতে জয়সাগৰ নাৰ্ছিং কলেজৰ ছাত্ৰীয়ে এখন ড্ৰাগছ বিৰোধী নাট প্ৰদৰ্শন কৰে ।