অসম

assam

By

Published : May 7, 2021, 2:11 PM IST

ETV Bharat / state

প্ৰাপ্য সুৰক্ষিত কৰাৰ দাবীত অ'এনজিচিৰ অস্থায়ী শ্ৰমিকৰ প্ৰতিবাদ

অ'এনজিচিৰ ডেৰ শতাধিক অস্থায়ী শ্ৰমিকে শুকুৰবাৰে শিৱসাগৰ অ'এনজিচি যানবাহন কন্ট্ৰ'ল ৰূমৰ চৌহদত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ শ্ৰমিকসকলৰ সুৰক্ষা আৰু প্ৰাপ্য সুৰক্ষিত কৰিবৰ বাবে ঠিকাভিত্তিক চালক সকলে অ'এনজিচি কৰ্তৃপক্ষক অৱগত কৰি আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ বাবেই উপায়হীন হৈ প্ৰতিবাদ কৰিবলগীয়া হৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শ্ৰমিক সকলে।

প্ৰাপ্য সুৰক্ষিত কৰাৰ দাবীত অ'এনজিচিৰ অস্থায়ী শ্ৰমিকৰ প্ৰতিবাদ
প্ৰাপ্য সুৰক্ষিত কৰাৰ দাবীত অ'এনজিচিৰ অস্থায়ী শ্ৰমিকৰ প্ৰতিবাদ

শিৱসাগৰ,7 মে':শুকুৰবাৰে ৰাতিপুৱাই শিৱসাগৰ অ'এনজিচি যানবাহন কন্ট্ৰ'ল ৰূমৰ চৌহদত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে অ'এনজিচিৰ ডেৰ শতাধিক অস্থায়ী শ্ৰমিকে ৷ সম্পূৰ্ণ ৰূপে ক'ভিড প্ৰ'টকল মানি মুখত মাস্ক পৰিধান কৰি, সামাজিক দূৰত্ব বজাই ৰাখি প্ৰাপ্য দৰমহা, শ্ৰমিকসকলৰ পান কাৰ্ড, বেংকৰ পাচবুক অকৰ্তৃত্বশীলভাৱে মালিক পক্ষই জব্দ কৰি থোৱাৰ অভিযোগ উত্থাপন কৰি যান-বাহন চলাচল বন্ধ ৰখাৰ লগতে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে অস্থায়ী শ্ৰমিক সকলে ৷

প্ৰাপ্য সুৰক্ষিত কৰাৰ দাবীত অ'এনজিচিৰ অস্থায়ী শ্ৰমিকৰ প্ৰতিবাদ

উল্লেখ্য যে, বিগত দুবছৰৰ আগত শ্ৰমিকসকলৰ সুৰক্ষা আৰু প্ৰাপ্য সুৰক্ষিত কৰিবৰ বাবে অ'এনজিচি কৰ্তৃপক্ষই ঠিকাভিত্তিত গ্ৰহণ কৰা বাহন সমূহৰ চালকক অ'এনজিচিৰ তৰফৰ পৰা পোনপটীয়াকৈ বেতন প্ৰদানৰ ব্যৱস্থা কৰিছিল। বিভিন্ন শ্ৰমিক সন্থাৰ শ্ৰমিক সুৰক্ষাৰ দাবীৰ ফলত প্ৰৱৰ্তন কৰা এনে ব্যৱস্থাত দীৰ্ঘদিনৰ পৰা বিভিন্ন দুৰ্নীতি সংঘটিত হৈ আহিছে ৷ শ্ৰমিক সকলৰ মজুৰী মালিক পক্ষই বিভিন্ন পন্থাৰে লুন্ঠন চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ৷ বিগত দুই বছৰৰ পৰা চলি থকা এনে লুণ্ঠনৰ বিষয়ে অ'এনজিচি কৰ্তৃপক্ষক অৱগত কৰি আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ বাবেই উপায়হীন হৈ প্ৰতিবাদ কৰিবলগীয়া হৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শ্ৰমিক সকলে।

লগতে পঢ়ক:ডিব্ৰুগড়ত 18 ৰ পৰা 44 লোকৰ টীকাকৰণ আৰম্ভ

ABOUT THE AUTHOR

...view details