অসম

assam

ETV Bharat / state

নাজিৰাত অ’এন জি চি ঠিকাদাৰ সন্থাৰ প্ৰতিবাদ - অ’এন জি চি ঠিকাদাৰ সন্থা

অ’এন জি চি কৰ্তৃপক্ষৰ এ আৰ চি নিবিদা প্ৰক্ৰিয়া বন্ধৰ প্ৰতিবাদত অ’এন জি চি অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ অ’এন জি চি ঠিকাদাৰ সন্থাৰ ৷

নাজিৰাত অ’এনজিচি ঠিকাদাৰ সন্থাৰ প্ৰতিবাদ

By

Published : Sep 12, 2019, 3:06 PM IST

শিৱসাগৰ, ১২ ছেপ্তেম্বৰঃআজি অ’এন জি চি ঠিকাদাৰ সন্থাৰ প্ৰতিবাদত কপিল নাজিৰাৰ অ’এন জি চি অসম সম্পদৰ মূখ্য কাৰ্যালয় ৷ অ’এন জি চিৰ তৈলক্ষেত্ৰৰ চিভিল ঠিকা কামৰ ওপৰত অ’এন জি চি কৰ্তৃপক্ষৰ এ আৰ চি নিবিদা প্ৰক্ৰিয়া বন্ধৰ প্ৰতিবাদত অ’এন জি চি অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ ৷

নাজিৰাত অ’এনজিচি ঠিকাদাৰ সন্থাৰ প্ৰতিবাদ

অ’এন জি চি কৰ্তৃপক্ষই থলুৱা নিৱনুৱা ঠিকাদাৰসকলৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ কৰিছে তাৰ বিৰুদ্ধে বৃহস্পতিবাৰে উলাই আহিল অবিভক্ত শিৱসাগৰ জিলাৰ অ’এন জি চি ঠিকাদাৰ সন্থা ৷ অ’এন জি চি তৈলক্ষেত্ৰৰ চিভিল কামৰ বাবে ARC নীতি প্ৰয়োগৰ কৰি থলুৱা ঠিকাদাৰক পেটে ভাতে মৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৷ এই নীতিৰ জৰিয়তে বৰ্তমান এই কামত জড়িত হৈ থকা শতাধিক ঠিকাদাৰৰ সলনি কম সংখ্যক লোকেহে ঠিকা কামত আত্মনিয়োগ কৰিব পাৰিব ৷

ABOUT THE AUTHOR

...view details