শিৱসাগৰ, 29 আগষ্টঃবুধবাৰে আছুয়ে অএনজিচিৰ এশ ঘন্টীয়া বন্ধ সাময়িকভাৱে প্ৰত্যাহাৰ কৰে ৷ গেলেকী তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ আৰু থলুৱা নিবনুৱাক প্ৰৱঞ্চনা কৰাৰ বিৰোধিতা কৰি অ'এনজিচিৰ এশ ঘন্টীয়া বন্ধ প্ৰত্যাহাৰ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ৷
অএনজিচিৰ এশ ঘন্টীয়া বন্ধ সাময়িকভাৱে প্ৰত্যাহাৰ আছুৰ - bandh off
31 আগষ্টত প্ৰকাশ পাব লগীয়া এনআৰচিৰ বাবে জিলা প্ৰশাসনে আছুক কৰা আহ্বানৰ প্ৰতি লক্ষ ৰাখি আছুৱে এই বন্ধ সাময়িকভাৱে প্ৰত্যাহাৰ কৰিছে বুলি জনাই সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে ৷
এই বন্ধৰ কাৰ্যসূচীৰ বাবে অএনজিচিৰ স্বাভাৱিক কাম কাজ বুধবাৰে পুৱাৰে পৰা ব্যাহত হৈ আছিল। তেনে সময়তে আছুৱে অএনজিচিৰ 100 ঘন্টীয়া বন্ধৰ কাৰ্যসূচী সাময়িকভাৱে প্ৰত্যাহাৰ কৰে ৷ জিলা উপায়ুক্ত লক্ষ্মণম এচৰ লগত হোৱা এক সিদ্ধান্ত মৰ্মে আছুৱে এই বন্ধ প্ৰত্যহাৰ কৰে ৷ অএনজিচি অসম সম্পদৰ অন্তৰ্গত প্ৰচুৰ সম্ভাৱনাপূৰ্ণ আৰু উৎপাদনক্ষম গেলেকী তৈলক্ষেত্ৰ বহুজাতিক বিদেশী কোম্পানী শ্লাম বাৰজাৰক গতাব বিচৰাৰ বিৰোধিতা কৰি আছুৱে এই বন্ধ প্ৰত্যাহাৰ কৰে ৷ 31 আগষ্টত প্ৰকাশ পাব লগীয়া এনআৰচিৰ বাবে জিলা প্ৰশাসনে আছুক কৰা আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি আছুৱে এই বন্ধ সাময়িকভাৱে প্ৰত্যাহাৰ কৰিছে বুলি জনাই সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে ৷