অসম

assam

By

Published : Sep 24, 2019, 1:27 PM IST

ETV Bharat / state

তাই আহোম ছাত্ৰ সন্থাৰ 100 ঘন্টীয়া অ এন জিচি বন্ধ

এমাহত তৃতীয় বাৰ অ এন জিচি বন্ধৰ আহ্বান ৷ ব্যাহত হৈছে অএনজিচিৰ স্বাভাৱিক কাম কাজ ৷

তাই আহোম ছাত্ৰ সন্থাৰ 100 ঘন্টীয়া অ এন জিচি বন্ধ

শিৱসাগৰ, 24 ছেপ্টেম্বৰঃ মঙলবাৰৰ পুৱাৰে পৰা সদৌ তাই আহোম ছাত্ৰ সন্থাই 100 ঘন্টীয়া অ এন জিচি বন্ধৰ আহ্বান জনায় ৷ জানিব পৰা মতে 24 ছেপ্টেম্বৰৰ পুৱা 5 বজাৰ পৰা 28 ছেপ্টেম্বৰৰ পুৱা 8 বজালৈ এই 100 ঘন্টীয়া বন্ধ বাহাল থাকিব ৷

তাই আহোম ছাত্ৰ সন্থাৰ 100 ঘন্টীয়া অ এন জিচি বন্ধ

তৈল ক্ষেত্ৰ ব্যক্তিগত কৰণ,নিবনুৱা সংস্থাপনৰ দাবী আৰু থলুৱা বিৰোধী নীতিৰ প্ৰতিবাদত এই বন্ধৰ আহ্বান জনোৱা হৈছে ৷ বন্ধৰ সমৰ্থক সকলে অ এন জিচিৰ কৰ্মচাৰী সকলক কাৰ্যালয়ত প্ৰৱেশৰ বাধা প্ৰদান কৰিছে ৷ ফলত ব্যাহত হৈ পৰিছে অ এন জিচিৰ স্বাভাৱিক কাম কাজ ৷ উল্লেখ্য যে, বিগত এমাহত জাতীয় সংগঠন সমূহে এই বাৰকে ধৰি অ এন জিচি'ৰ থলুৱা বিৰোধী নীতিৰ প্ৰতিবাদত ধাৰাবাহিক ভাৱে তৃতীয় বাৰৰ বাবে অ এন জিচি বন্ধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details