অসম

assam

By

Published : Jul 14, 2019, 12:09 PM IST

ETV Bharat / state

গৌৰীসাগৰত অ'এনজিচিৰ প্ৰতাৰণাৰ বলি এটা পৰিয়াল!

দিন হাজিৰা কৰি , ঠেলা চলাই পৰিয়াল পোহপাল দিয়া পৰিয়ালটোক অ'এনজিচিয়ে ক্ষতিপূৰণ নিদি প্ৰতাৰণা কৰা, চাকৰি স্থায়ী নকৰাত পৰিয়ালটোৱে চৰম দুৰ্দশাত দিন কটাবলগীয়া হৈছে ৷ পৰিয়ালটোৱে যোৱা ২৭ মে'ত শিৱসাগৰ জিলা উপায়ুক্তক সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰিছে যদিও পৰিয়ালটোক কোনোধৰণৰ আশ্বাস প্ৰদান কৰা নাই ।সেয়ে এইক্ষেত্ৰত অ'এনজিচিৰ শীৰ্ষ বিষয়াৰ সঠিক ভূমিকা কামনা কৰিছে পৰিয়ালটোৱে ।

গৌৰীসাগৰত অ'এনজিচিৰ প্ৰতাৰণাৰ বলি এটা পৰিয়াল!

আমগুৰি, ১৪ জুলাই:অ'এনজিচিৰ প্ৰতাৰণাৰ বাবে এটা পৰিয়ালে দুৰ্বিষহ জীৱন যাপন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপিত হৈছে । গৌৰীসাগৰৰ নামদাং শিলসাঁকো গাঁৱৰ তুনিৰাম দাসৰ পৰিয়ালক অ'এনজিচিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

অভিযোগ অনুসৰি ১৯৯০ চনতে তুনিৰাম দাসৰ পৰিয়ালটোৰ ম'ৰাবজাৰ মৌজাৰ ফুকনফদীয়া গাঁৱত থকা তিনি বিঘা ১৫ লেচা মাটি অ'এনজিচিয়ে দখল কৰিছিল । তেওঁলোকৰ মাটিখিনি অ'এনজিচিয়ে দখল কৰাৰ পিচতো তুনিৰাম দাসৰ পৰিয়ালটোক অ'এনজিচিয়ে ক্ষতিপূৰণ নিদিয়াৰ অভিযোগ কৰাৰ লগতে কৰ্মসংস্থাপন নিদিয়াৰো অভিযোগ উত্থাপিত হৈছে । অভিযোগ অনুসৰি তুনিৰাম দাসে ২০০১ চনৰপৰা ২০১৯ চনলৈকে কেজুৱেল বিভাগত অস্থায়ীকৈ কাম কৰি আহিছে যদিও বিভাগটোৱে তুনিৰাম দাসৰ চাকৰি স্থায়ী নকৰিলে।

গৌৰীসাগৰত অ'এনজিচিৰ প্ৰতাৰণাৰ বলি এটা পৰিয়াল!

দিন হাজিৰা কৰি , ঠেলা চলাই পৰিয়াল পোহপাল দিয়া পৰিয়ালটোক অ'এনজিচিয়ে ক্ষতিপূৰণ নিদি প্ৰতাৰণা কৰা, চাকৰি স্থায়ী নকৰাত পৰিয়ালটোৱে চৰম দুৰ্দশাত দিন কটাবলগীয়া হৈছে ৷ পৰিয়ালটোৱে যোৱা ২৭ মে'ত শিৱসাগৰ জিলা উপায়ুক্তক সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰিছে যদিও পৰিয়ালটোক কোনোধৰণৰ আশ্বাস প্ৰদান কৰা নাই ।সেয়ে এইক্ষেত্ৰত অ'এনজিচিৰ শীৰ্ষ বিষয়াৰ সঠিক ভূমিকা কামনা কৰিছে পৰিয়ালটোৱে ।

ABOUT THE AUTHOR

...view details