আমগুৰি, 5 এপ্ৰিলঃআমগুৰি ঘাট গাঁৱৰ লোকৰ মাজত আতংকৰ কাৰণ হৈ পৰিছে এগৰাকী মহিলা । লক ডাউনৰ মাজতে যোৱা নিশা আমগুৰি ঘাট গাঁৱৰ সমীপত এখন বাহনে এৰি যায় মহিলাগৰাকীক । সামান্য অসুস্থ যেন লগা মহিলা গৰাকীক কোনে কিয় এইদৰে এৰি গ'ল তাকে লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে স্থানীয় লোকৰ মাজত । মহিলাগৰাকী নগাঁৱৰ চামগুৰিৰঅঞ্জুমা বেগম বুলি জানিব পৰা গৈছে । বহু দিনৰ পৰা শিৱসাগৰৰ ৰজাবাৰী অঞ্চলৰ এটা ইটাভাটাত শ্ৰমিকৰূপে কাম কৰিছিল অঞ্জুমাই । কালি নিশা ভাটাৰ পৰা দুজনমান লোকে অঞ্জুমা বেগমক চামগুৰিলৈ নি ঘৰত থৈ আহিব বুলি এনেদৰে আমগুৰি ঘাট গাঁৱৰ সমীপত এৰি থৈ যায় । অচিনাকি ঠাইত এৰি দিয়া মহিলাগৰাকী নিশা সহায়ৰ বাবে ইফালে সিফালে গৈছিল যদিও কৰ'ণাতংকত বিভিন্নজনে খেদি পঠিওৱাৰ লগতে কোনোৱে মাৰধৰ কৰে বুলিও জানিবলৈ দিয়ে মহিলাগৰাকীয়ে ।
আমগুৰিত এগৰাকী মহিলাক লৈ চাঞ্চল্য - কৰ'ণাতংক
লক ডাউনৰ মাজতে যোৱা নিশা আমগুৰি ঘাট গাঁৱৰ সমীপত এখন বাহনে অঞ্জুমা বেগম নামৰ এগৰাকী মহিলাক এৰি থৈ যায় । মহিলাগৰাকী ঘৰ নগাঁৱৰ চামগুৰিত বুলি জানিব পৰা গৈছে ।
one women recoverd in amgu
উল্লেখ্য যে, মহিলা গৰাকীৰ বিষয়ে প্ৰশাসনক খৱৰ দিয়া হৈছিল যদিও প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে । অৱশেষত জয়সাগৰ আৰক্ষী চকীৰ লোক আহি মহিলা গৰাকীক, এম্বুলেঞ্চেৰে স্বাস্থ্য পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় ।
লগতে পঢ়কঃউৰা বাতৰিয়ে আতংকিত কৰিছে দক্ষিণ কামৰূপৰ সাধাৰণ ৰাইজক