চৰাইদেউ, 11 জুলাই : চৰাইদেউ জিলাত পুত্ৰৰ জীৱন ৰক্ষা কৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱতি লয় এগৰাকী পিতৃয়ে । বিদ্যুৎস্পৃষ্ট পুত্ৰক ৰক্ষা কৰিবলৈ চেষ্টা কৰোতে ঘটনাস্থলীত নিহত হয় ঝন্টু মাল নামৰ লোকজন ।
পুত্ৰক বচাবলৈ গৈ মৃত্যু পিতৃৰ - চৰাইদেউ
দোকানত বস্তু কিনি থাকোতেই বাহিৰত ওলাই থকা এডাল বিদ্যুৎ পৰিবাহী তাঁৰত লাগি ধৰে ঝন্টু মালৰ দহ বছৰীয়া পুত্ৰ ৷
পুত্ৰক বচাবলৈ গৈ মৃত্যু পিতৃৰ
চৰাইদেউ জিলাৰ সোণাৰিৰ বেঙেনাবাৰীত শনিবাৰে পুৱা দোকানত বস্তু কিনিবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা । দোকানত বস্তু কিনি থাকোতেই বাহিৰত ওলাই থকা এডাল বিদ্যুৎ পৰিবাহী তাঁৰত ঝন্টু মালৰ দহ বছৰীয়া পুত্ৰ অসাৱধানবশত লাগি ধৰাত পিতৃয়ে ৰক্ষা কৰিবলৈ চেষ্টা কৰে । পুত্ৰ কথমপি ৰক্ষা পৰে যদিও বিদ্যুৎপৃষ্ট হৈ থিতাতে মৃত্যু হয় পিতৃ ঝণ্টু মালৰ । এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকাকুল পৰিবেশে বিৰাজ কৰিছে ৷
লগতে পঢ়ক : অৰুণাচলত সংঘৰ্ষত লিপ্ত আছাম ৰাইফলছ আৰু এনএছচিএন (আইএম)
Last Updated : Jul 11, 2020, 12:38 PM IST