আমগুৰি, ২২ ডিচেম্বৰ:আমগুৰিৰ খৰাগড়ৰ সমীপত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident at Amguri) ৷ বুধবাৰে নিশা আমগুৰিৰ খৰাগড়ৰ সমীপৱৰ্তী দা-ধৰাত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ AS-04 P 0167 নাম্বাৰৰ ডাচতান বাহন এখনে এজন পথচাৰীক মহতিয়াই নিয়ে ৷ এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় লোকজন (One death in Road Accident)৷ নিহত লোকজনৰ নাম প্ৰবীন গগৈ বুলি জানিব পৰা গৈছে ৷
পৰ্বতীয়া দ-চুকৰ নিবাসী প্ৰবীণ গগৈ নামৰ লোকজনে পকা মিস্ত্ৰীৰ কাম কৰি পৰিয়ালৰ পোহপাল দি আহিছিল বুলি জানিব পৰা গৈছে ৷ ঘটনাস্থলীত আমগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে (Sivasagar Civil Hospital) ৷ লগতে দুৰ্ঘটনা সংঘটিত কৰা AS-04 P 0167 নাম্বাৰৰ ডাচতন গাড়ীখন আমগুৰিৰ আৰক্ষীয়ে জব্দ কৰে ৷
আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে সদাব্যস্ত খৰিকটীয়া আলিৰ নামতি চাৰিআলিৰ পৰা শিৱসাগৰ সংযোগী পথচোৱা অতিকৈ ঠেক হোৱাৰ বাবে বহুতো সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ লগতে যোৱা দুটা দিনত ইতিমধ্যে দুৰ্ঘটনাত পতিত হৈ দুজনকৈ লোকে মৃত্যুক আকোঁৱালি লবলগীয়া হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷
উল্লেখ্য যে, ৰাজ্যত দুৰ্ঘটনা বৃদ্ধি পোৱাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ৰাজ্যৰ আৰক্ষী সঞ্চালকগৰাকী মঙলবাৰে তেজপুৰত উপস্থিত হৈ শোণিতপুৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদমেল (DGP Bhaskarjyoti Mahanta at Tezpur) অনুষ্ঠিত কৰিছিল ৷