অসম

assam

ETV Bharat / state

একাপ চাহৰ বাবে ডিমৌত চুৰিকাঘাত

ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ পদপথত একাপ চাহৰ বাবে চুৰিৰে হানি খুচি হত্যাৰ চেষ্টা এজন যুৱকক ৷ ৰঞ্জন নাওহলীয়া ওৰফে ভাৰ্বী নামৰ ব্যক্তিজনৰ পদপথৰ হোটেল খনত শিৱসাগৰ ডিমৌমুখ বাগলৰ চাহিদুল ইছলাম নামৰ যুৱক জনে চাহ খোৱাৰ পৰিৱৰ্তে ওচৰৰ এখন দোকানত চাহ খোৱাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা কাজিয়াৰ ফলতে ভাৰ্বী নামৰ চাহ দোকানীজনে যুৱকজনক উপৰ্যুপৰি চুৰিৰে আঘাট কৰে ৷

By

Published : Feb 25, 2021, 3:45 PM IST

একাপ চাহৰ বাবে ডিমৌত চুৰিকাঘাত
একাপ চাহৰ বাবে ডিমৌত চুৰিকাঘাত

শিৱসাগৰ, 25 ফেব্ৰুৱাৰী: ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ পদপথত চাঞ্চল্যকৰ ঘটনা ৷ একাপ চাহৰ বাবে চুৰিৰে হানি খুচি হত্যাৰ চেষ্টা এজন যুৱকক ৷ ঘটনা অনুসৰি, ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ পদপথত থকা ৰঞ্জন নাওহলীয়া ওৰফে ভাৰ্বী নামৰ ব্যক্তিজনৰ পদপথৰ হোটেল খনত শিৱসাগৰ ডিমৌমুখ বাগলৰ চাহিদুল ইছলাম নামৰ যুৱক জনে চাহ খোৱাৰ পৰিৱৰ্তে ওচৰৰ এখন দোকানত চাহ খোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল কাজিয়াৰ ৷ পৰৱৰ্তি সময়ত কাজিয়াই ভংয়কৰ ৰূপ লয় ৷ ভাৰ্বী নামৰ চাহ দোকানীজনে যুৱকজনক উপৰ্যুপৰি চুৰিৰে আঘাট কৰে ৷ বুকু, হাত আৰু দেহৰ কেইবা ঠাইতো গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত হয় যুৱকজন ৷

ইফালে, স্থানীয় ৰাইজে ততাতৈয়াকৈ ঘটনা স্থলীৰ পৰা মাত্ৰ দুশ মিটাৰ দূৰত্ব থকা ডিমৌ আৰক্ষীক খবৰ দিয়ে যদিও বহু পলমকৈ উপস্থিত হয় আৰক্ষী ৷ যাৰ ফলত প্ৰায় আধা ঘন্টা সময় ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি ৰাখে ৰাইজে। অৱশেষত দুই ঘণ্টাৰ ভিতৰত অপৰাধীক আটক কৰাৰ প্ৰতিশ্ৰুতি দিয়াতহে ৰাষ্ট্ৰীয় ঘাই পথটো মুকলি কৰি দিয়ে ৷ বৰ্তমানেও ডিমৌত তীব্ৰ উত্তেজনা অব্যাহত আছে ৷

উল্লেখ্য যে, আঘাতপ্ৰাপ্ত যুৱক জনক স্থানীয় ৰাইজে ডিমৌ আদৰ্শ চিকিৎসালয়লৈ নিয়ে যদিও চাহিদুল ইছলামৰ আঘাত গুৰুতৰ হোৱাত চিকিৎসকে মুমূৰ্ষ অৱস্থাত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:ৰাইজৰ ৰোষত বাঘবৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদ

ABOUT THE AUTHOR

...view details