আমগুৰি,6 জুন:শিৱসাগৰ জিলাৰ আমগুৰিৰ চৰাইমুৰীয়া গাঁৱৰ ৭ নং ৱাৰ্ডৰ এগৰাকী নিসংগ বয়োজ্যেষ্ঠ ব্যক্তি, নাম মনোৰাম শইকীয়া ৷ এখন টিনৰ চালিৰ তলত অকলে বাস কৰে তেওঁ ৷ আপোন বুলিবলৈ মানুহজনৰ নাই কোনো, নাই এটা বাসোপযোগী ঘৰ ৷ কোনো এখন চৰকাৰী আঁচনিয়েই ঢুকি নোপোৱা লোকজনে আজিলৈকে লাভ নকৰিলে কোনো ধৰণৰ সা-সুবিধা ৷
আমগুৰিৰ এগৰাকী নিসংগ ব্যক্তিৰ কৰুণ কাহিনী... - ration card
শেহতীয়াকৈ কৰ’ণাসৃষ্ট পৰিৱেশত সমগ্ৰ মানৱ জাতিয়ে বুজি উঠিছে আপোনজনক হেৰুওৱাৰ বেদনা ৷ এনে সময়তে শিৱসাগৰৰ এজন বয়োজ্যেষ্ঠ লোকে অকলশৰে পাৰ কৰিছে সময় ৷ চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি পোৱা নাই লোকজনক ৷ চৰকাৰী সাহায্য অবিহনে অকলে জীৱন-যাপন কৰা লোকজনক সম্প্ৰতি প্ৰয়োজন হৈছে অকনমাণ সহায়ৰ লগতে এষাৰি মাতৰ ৷
![আমগুৰিৰ এগৰাকী নিসংগ ব্যক্তিৰ কৰুণ কাহিনী... old-man-living-alone-with-poverty-in-amguri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12032988-316-12032988-1622963092975.jpg)
চৰকাৰৰ আঁচনিয়ে ঢুকি নোপোৱা এজন অকলশৰীয়া জ্যেষ্ঠ্য নাগৰিক
চৰকাৰৰ আঁচনিয়ে ঢুকি নোপোৱা এজন অকলশৰীয়া জ্যেষ্ঠ্য নাগৰিক
চৰকাৰে দৰিদ্ৰ পৰিয়ালসমূহৰ কাৰণে অভিলাষী আঁচনি গ্ৰহণ কৰাৰ পিছতো কিন্তু শইকীয়াৰ দৰে লোকসকল বাদ পৰি ৰৈছে হিতাধিকাৰীৰ তালিকাৰ পৰা ৷ তাৰ পিছতো এনে বিষয়সমূহ চকুত নপৰিল স্থানীয় জন প্ৰতিনিধিৰ লগতে ৰজাঘৰীয়াৰ ৷ ব্যক্তিগৰাকীক বাসপযোগী এটা ঘৰ দিয়াৰ লগতে চৰকাৰী আঁচনিত অন্তৰ্ভূক্ত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় লোকসকলে ৷