অসম

assam

ETV Bharat / state

Deprived of govt benefits: উৰুখা পঁজাৰ অকলশৰীয়া ব’হাগী আইতাৰ কৰুণ গাঁথা

আমগুৰিত উৰুখা পঁজাত এগৰাকী অকলশৰীয়া আইতা ৷ ৰাজ্য চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ কাৰণে বিভিন্ন অভিলাসী আঁচনি গ্ৰহণ কৰি সৰ্বসাধাৰণ ৰাইজৰ অভাৱ দূৰ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ তেনে সময়তে আমগুৰিত উৰুখা পঁজাত এগৰাকী আইতাই চকুলো টুকি দিন পাৰ কৰিব লগা হোৱা ঘটনাই ব্যথিত কৰি তুলিছে সাধাৰণ জনতাক । সবিশেষ এই বাতৰিত...

Deprived of govt facilities
অকলশৰীয়া আইতাই ক্ষণ গণিছে জীৱনৰ

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 1:15 PM IST

অকলশৰীয়া আইতাই ক্ষণ গণিছে জীৱনৰ

আমগুৰি, ৩০ অক্টোবৰ : উৰুখা পঁজাত এগৰাকী অকলশৰীয়া আইতা ৷ আৰ-তাৰ পৰা খুজি-মাগি মোকলায় পেটৰ ভাত মুঠি ৷ ৰ’দে-বৰষুণে এটা উৰুখা পঁজাতে অকলশৰীয়া আইতাগৰাকীয়ে ক্ষণ গণিছে জীৱনৰ ৷ আমি উল্লেখ কৰা ষাঠি উৰ্দ্ধৰ এই অকলশৰীয়া আইতাগৰাকীৰ নাম ব’হাগী গগৈ ৷

আমগুৰি ভূঞাহাট চৰাইমূৰীয়া গাঁৱৰ ১০ নং ৱাৰ্ডৰ ষাঠি উৰ্দ্ধৰ এই ব’হাগী আইতাই আজিলৈকে লাভ কৰা নাই চৰকাৰৰ কোনো এখন আঁচনিৰে সুবিধা ৷ আইতাগৰাকীয়ে নাজানে অৰুণোদয় আঁচনি কি নাইবা বিধবা পেঞ্চন কি ৷ ফলত কেৱল বাৰীৰ কচু, ঢেকীয়াৰেই জীৱন অতিবাহিত কৰিছে আইতাগৰাকীয়ে ৷

ইফালে এই অকলশৰীয়া আইতাগৰাকীৰ কথা যোৱা বহু বছৰ ধৰি স্থানীয় লোকসকলে সমষ্টিটোৰ বিধায়কৰ লগতে ভূঞাহাট গাঁও পঞ্চায়তক সহায় কৰিবলৈ আহ্বান জনাই আহিছে ৷ কিন্তু এই ক্ষেত্ৰত আইতাগৰাকীক কোনো এজন লোকে সহায় কৰিবলৈ ওলাই নহাৰো অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷

উল্লেখ্য যে, চৰকাৰে দৰিদ্ৰজনৰ বাবে ঘোষণা কৰিছে বহু আঁচনি ৷ কিন্তু আঁচনিসমূহ কেৱল যেন ৰঙীন বিজ্ঞাপনৰ মাজতেই এতিয়া সীমাৱদ্ধ । কিয়নো বিভিন্ন সময়ত পোহৰলৈ অহা দৰিদ্ৰ জনতাৰ সমস্যাৰ দৃশ্যই তাকেই প্ৰতিফলিত কৰে । উদাহৰণ আমগুৰি ভূঞাহাট চৰাইমূৰীয়া গাঁৱৰ এই ব’হাগী আইতা ৷ এই ভাষ্য আমগুৰিবাসী ৰাইজৰ ৷

আমগুৰিৰ এজন সচেতন যুৱকে উল্লেখ কৰা অনুসৰি, কচু, ঢেকীয়া খাই দিন পাৰ কৰা আইতাগৰাকীৰ উৰুখা পঁজাৰ চালেৰে আকাশৰ জোন, তৰা গণিব পৰা যায় । বৰ্তমানলৈকে এটা চৰকাৰী আৱাস গৃহৰ সুবিধা লাভ নকৰা এই আইতাগৰাকীৰ দুগৰাকী কন্যা আছিল যদিও বিবাহপাশত আৱদ্ধ হোৱাৰ পিচতে অকলশৰীয়া হৈ পৰে তেওঁ ।

বৰ্তমান আইতাগৰাকীৰ অৱস্থা তেনেই শোচনীয় ৷ সেয়ে স্থানীয় লোকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ব’হাগী গগৈ নামৰ আইতাগৰাকীক চৰকাৰী সুবিধা প্ৰদান কৰিবৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে ।

লগতে পঢ়ক :Old couple Story: এহাল ককা-আইতাৰ জীৱন সংগ্ৰাম

ABOUT THE AUTHOR

...view details