আমগুৰি, ৭ মে': শিৱসাগৰৰ গৌৰীসাগৰৰ চাৰিঙত এখন খাৰুৱা তেলৰ টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত হয় । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা অৱস্থাতে চাৰিঙত নিয়ন্ত্ৰণ হেৰুৱাই টেংকাৰখন পথৰ দাঁতিৰ দ' খাৱৈত বাগৰি পৰে । অৱশ্যে দুৰ্ঘটনাত কোনো লোক আহত হোৱা নাই ।
গৌৰীসাগৰত খাৰুৱা তেলৰ টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত - গৌৰীসাগৰৰ চাৰিঙ
শুকুৰবাৰে গৌৰীসাগৰৰ চাৰিঙত দুৰ্ঘটনাত পতিত হ'ল এখন খাৰুৱা তেল ভৰ্তি টেংকাৰ । নিয়ন্ত্ৰণ হেৰুৱাই টেংকাৰখনে পথৰ দাঁতিৰ দ' খাৱৈত বাগৰি পৰে । তিনি ঘণ্টা ধৰি চেষ্টা কৰাৰ পিছতহে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে টেংকাৰখন খাৱৈৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয় ।
![গৌৰীসাগৰত খাৰুৱা তেলৰ টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত Oil Tanker Accident in Sivsagar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11672151-510-11672151-1620370958133.jpg)
গৌৰীসাগৰৰ চাৰিঙত খাৰুৱা তেলৰ টেংকাৰ দুৰ্ঘটনাত পতিত
দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ টেংকাৰখন খাৱৈৰ পৰা উলিয়াই আনিবলৈ চেষ্টা চলায় । অৱশেষত তিনি ঘণ্টাৰ পিছত MN01-8759 নম্বৰৰ টেংকাৰখন খাৱৈৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয় । দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখন উদ্ধাৰ কৰা সময়ত ৰাষ্ট্ৰীয় ঘাইপথত বহু যানবাহন আৱদ্ধ হৈ পৰে ।
লগতে পঢ়ক: এগৰাকী বোৱাৰীৰ মৃত্যুকলৈ গহপুৰত চাঞ্চল্য