শিৱসাগৰ,20 জানুৱাৰী: ইতিমধ্যে এমাহ অতিক্ৰম কৰিলে অৰুণাচলৰ ডিয়ুনৰ কুইপ’ তৈল প্ৰতিষ্ঠানৰ দুই কৰ্মচাৰী প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰৰ অপহৰণ কাণ্ডই ৷ বিগত বৰ্ষৰ 21 ডিচেম্বৰত আলফা(স্বা) আৰু এনএছচিএনে যুটীয়াভাৱে মিলি অপহৰণ কৰা কৰিছিল প্ৰতিষ্ঠানটোত কৰ্মচাৰী দুগৰাকীক ৷ কিন্তু বিগত এটা মাহে অসম চৰকাৰ তথা তৈল প্ৰতিষ্ঠানটোৱে কৰ্মচাৰী দুগৰাকীক মোকলাই অনাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত চিন্তিত হৈ পৰিছে দুয়োটা পৰিয়াল ৷ ইতিমধ্যে আলফা(স্বা)এ 20 কোটি টকাৰ মুক্তিপণ দাবী কৰা বুলিও তথ্য প্ৰকাশ পাইছে ৷
অসহায় পৰিয়াল দুটাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে আলফা(স্বা)লৈ দুয়োগৰাকী কৰ্মচাৰীকে অতিশীঘ্ৰে মুকলি কৰি দিবলৈ অনুৰোধ জনাইছে ৷ আনহাতে, বন্দীত্ব অৱস্থাৰ পৰাই অপহৃত দুয়োগৰাকী কৰ্মচাৰীৰে এটি ভিডিঅ’ প্ৰকাশ পাইছে ৷ য’ত তেওঁলোকে কৈছে যে, তেওঁলোক কৰ্মৰত কোম্পানীৰ সৈতে হোৱা সংঘাতৰ ফলতেই দুয়োকে অপহৰণ কৰিছে নিষিদ্ধ ঘোষিত সংগঠন দুটাই ৷ গতিকে তেওঁলোকে অসম চৰকাৰ, প্ৰদানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা বিহাৰৰ মুখ্যমন্ত্ৰী নিতিশ কুমাৰক এই সন্দৰ্ভত প্ৰতিষ্ঠানটোৰ সৈতে আলোচনা কৰি অতি শীঘ্ৰে তেওঁলোকক মুকলি কৰি নিয়াৰ বাবে আহ্বান জনাইছে ৷