শিৱসাগৰ, 27 ছেপ্তেম্বৰ : শিৱসাগৰ জিলাৰ লাকুৱাৰ টিপমীয়া ধনেখনা গাঁৱৰ এগৰাকী মেধাৱী ছাত্ৰী তথা যুৱ উদ্ভাৱক(Youth Inventor) ৷ মেধাৱী ছাত্ৰী য়াচমিন আহমেদে(Yasmin Ahmed) বিশেষভাৱে সক্ষম ব্যক্তি(Specially Abled Person)সকলৰ বাবে নিজৰ উদ্ভাৱনী শক্তিৰে প্ৰস্তুত কৰি উলিওৱা এখন বিশেষ হুইল চেয়াৰ(Wheelchair)ৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত নাম উজলাবলৈ সক্ষম হৈছে ৷
ইতিমধ্যে ভাৰতৰ যুৱ বিজ্ঞানীৰ শিতানত শীৰ্ষ স্থান লাভ কৰি ৰাষ্ট্ৰপতি পদকৰ বাবে নিৰ্বাচিত হৈছে এইগৰাকী য়াচমিন আহমেদ । বহু মেধা সম্পন্ন য়াচমিন লাকুৱাৰ চ্যুকাফা একাডেমীৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী । সৰুৰে পৰা মেধা সম্পন্ন ছাত্ৰীগৰাকীয়ে 2019 চনত ‘Inspire Award Manak’ প্ৰতিযোগিতাত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছিল ৷
শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা সম্পন্ন যুৱ বিজ্ঞানীৰ প্ৰতিযোগিতাত বিশেষভাৱে সক্ষম লোকৰ বাবে ‘Improvised Climbing Wheelchair’ উদ্ভাৱন কৰি ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় এইগৰাকী যুৱ বিজ্ঞানীয়ে । আগন্তুক 10 অক্টোবৰত শ্বিলঙত অনুষ্ঠিত হ’বলগীয়া সম্বৰ্ধনা অনুষ্ঠান ৰাষ্ট্ৰপতিয়ে যুৱ বিজ্ঞানী য়াচমিনক প্ৰদান কৰিব এই সন্মান ।