অসম

assam

ETV Bharat / state

ক’ভিড পৰিস্থিতিৰ বাবে তাঁতশালতে পৰি ৰৈছে শিপিনীৰ গামোছা - lockdown

ক’ৰণা মহামাৰীয়ে বিভিন্ন ক্ষুদ্ৰ ব্যৱসায়ীৰ লগতে শিপিনী সকলৰ জীৱনলৈও ঘোৰ অমানিশা নমাই আনিছে ৷ মাটিশাল ব্য়ৱহাৰ কৰিয়ে গামোচা প্ৰস্তুত কৰা মহিলা সকলৰ এতিয়া বিক্ৰীৰ অভাৱত তাঁতশালতেই পৰি ৰৈছে গামোচা ৷

ক’ৰণাৰৰ ত্ৰাসৰ বাবে তাঁতশালত পৰি ৰৈছে শিপিনীৰ গামোছা
ক’ৰণাৰৰ ত্ৰাসৰ বাবে তাঁতশালত পৰি ৰৈছে শিপিনীৰ গামোছা

By

Published : Jun 13, 2021, 10:50 PM IST

আমগুৰি,13 জুন :ক’ৰণা মহামাৰীয়ে বিশেষ ভাৱে প্ৰভাৱ পেলাইছে অসমীয়া শিপিনীসকলক ৷ তাঁতশালতেই পৰি ৰৈছে শিপিনীয়ে হেঁপাহেৰে বোৱা গামোচা-চাদৰ আদি ৷ তাঁতশালত বোৱা গামোচা, চাদৰ-মেখেলা বিক্ৰী কৰিব নোৱাৰি আৰ্থিকভাৱে লোকচানৰ সন্মুখীন হ’ব লগীয়া হৈছে শিপিনীসকল ৷ আমগুৰিৰ দিকচু মাউৎ গাঁৱৰ মহিলাসকলে বৈ উলিওৱা গামোচাই এতিয়া উপযুক্ত বজাৰ লাভ নকৰাত বিক্ৰীৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে ।

ক’ৰণাৰ ত্ৰাসৰ বাবে তাঁতশালত পৰি ৰৈছে শিপিনীৰ গামোছা

দিকচুৰ মাউৎ গাঁৱৰ বিউটি গগৈয়ে অতি সুন্দৰকৈ বৈ উলিয়াইছে পকোৱা সূতাৰ ফুলাম গামোচাকে ধৰি নামঘৰৰ থাপনাত লগা গামোচা, দৰা সাজৰ বাবে গামোচা । ক’ৰণা অতিমাৰীৰ বাবেই উপযুক্ত বজাৰ লাভ নকৰাত সমস্যাৰ সন্মুখীন হৈছে এইসকল মহিলা । এই গাঁওখনৰ প্ৰায়সংখ্যক মহিলাই তাঁতশালত কাপোৰ বৈ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আহিছে যদিও আজিপৰ্যন্ত সংশ্লিষ্ট বিভাগৰ দৃষ্টিগোচৰ হোৱা নাই ।

মহিলাসকলে আজিও ব্যৱহাৰ কৰি আহিছে মাটিশাল । কোনো ধৰণৰ আধুনিক প্ৰযুক্তিৰ তাঁতশাল লাভ কৰা নাই এইসকল মহিলাই । উল্লেখ্য যে, মহিলাসকলে ৰাজ্যৰ হস্ততাত আৰু বস্ত্ৰশিল্প বিভাগৰ সহায় আৰু সহযোগিতা পালে এইক্ষেত্ৰত বহুদূৰ আগবাঢ়ি যাব পাৰিব।

লগতে পঢ়ক:আংশিক লকডাউনে বিপদ নমাইছে ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱনলৈ

ABOUT THE AUTHOR

...view details