আমগুৰি, ৮ মাৰ্চঃআমগুৰি দিকচু মাউৎ গাঁৱৰ শতবৰ্ষ গৰকা বৰনামঘৰত সাতদিনীয়া অখণ্ড ভাগৱত পাঠ অনুষ্ঠান ৷ উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰথম দিনাই এক বিশাল বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰে ভকত-বৈষ্ণৱ সকলে ৷
খোল-তাল, হৰি নামৰ ধ্বনিত মুখৰিত আমগুৰিৰ বৰনামঘৰৰ বাকৰি - ভাগৱত পাঠ
বিশাল বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ হৰি নামৰ ধ্বনিত মুখৰিত হৈ পৰিল আমগুৰি দিকচু মাউৎ গাঁৱৰ শতবৰ্ষ গৰকা বৰনামঘৰৰ প্ৰাংগণ ৷
![খোল-তাল, হৰি নামৰ ধ্বনিত মুখৰিত আমগুৰিৰ বৰনামঘৰৰ বাকৰি ETV BHARAT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6339311-thumbnail-3x2-amguri.jpg)
আমগুৰি দিকচু মাউৎ গাঁৱৰ শতবৰ্ষ গৰকা বৰনামঘৰত সাতদিনীয়া অখণ্ড ভাগৱত পাঠ অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠান উপলক্ষে প্ৰথম দিনৰ কাৰ্যসূচীত অনুষ্ঠিত কৰে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ ৷ এই অনুষ্ঠাণত অঞ্চলটোৰ সাতভাগ নামঘৰৰ ভকত-বৈষ্ণৱ, আই-মাতৃ আৰু কণ-কণ ল'ৰা ছোৱালীৰ লগতে স্থানীয় সকলো ৰাইজ উপস্থিত থাকে ৷ বৰ্তমান অঞ্চলটোত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে হাজাৰ-হাজাৰ ভকত-বৈষ্ণৱক আদৰিবলৈ সাজু হৈ উঠিছে বৰনামঘৰৰ পৰিচালনা সমিতিৰ লগতে উদ্যোক্তা সকল । ভাগৱত পাঠৰ সুমধুৰ ধ্বনিত গুঞ্জৰিত হৈ উঠা অঞ্চলটো এতিয়া ভকত বৈষ্ণৱৰ পদধূলাত একতা আৰু সমন্বয়ৰ লগতে ধৰ্মীয় চেতনাৰো প্ৰতিফলিত হৈ উঠিছে ।
লগতে পঢ়ক - সংস্কৃতিৰ নিৰৱ সাধক টীয়কৰ গায়ত্ৰী গোস্বামীৰ কথাৰে