অসম

assam

ETV Bharat / state

ৰূপজ্যোতি কুৰ্মীক প্ৰয়োজন নাই বিজেপিত : সাংসদ কামাখ্যা প্ৰসাদ তাচা

ঈশ্বৰে মংগল কৰক ৰূপজ্যোতি কুৰ্মীক । ৰূপজ্যোতি কুৰ্মীক প্ৰয়োজন নাই বিজেপিত আমগুৰি বিজেপিৰ সংগঠন পৰ্ব-সদস্যতা অভিযান সভাত এই মন্তব্য কামাখ্যা প্ৰসাদ তাচাৰ ৷

By

Published : Jul 7, 2019, 12:04 PM IST

ঈশ্বৰে মংগল কৰক ৰূপজ্যোতি কুৰ্মীক

আমগুৰি, ৭ জুলাই : মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিজেপি আগমন সম্পৰ্কত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ প্ৰতিক্ৰিয়া ৷ ঈশ্বৰে মংগল কৰক ৰূপজ্যোতি কুৰ্মীক । তেওঁৰ দৰে নেতাৰ প্ৰয়োজন নাই বিজেপিত । মৰিয়নীত কুৰ্মীৰ দৰে বহু নেতাই আছে বিজেপিত ৷ আমগুৰিৰ ৰাজহুৱা ভৱনত অনুষ্ঠিত বিজেপিৰ সংগঠন পৰ্ব-সদস্যতা অভিযান সভাত অংশগ্ৰহণ কৰি এনেদেৰেই কুৰ্মীৰ আগমনক বিৰোধিতা কৰে তাচাই ৷ লগতে তেওঁ কয় যে, কুৰ্মীৰ এইয়া হতাশাগ্ৰস্ততাৰ লক্ষণ ৷ ইমানদিনে বিজেপিক বেয়া বুলি কোৱা কুৰ্মীয়ে এতিয়া বিজেপি ভাল বুলি ক'বলৈ বাধ্য হ'ল ৷

ঈশ্বৰে মংগল কৰক ৰূপজ্যোতি কুৰ্মীক

আমগুৰি ৰাজহুৱা ভৱনত অনুষ্ঠিত বিজেপিৰ সংগঠন পৰ্ব-সদস্যতা অভিযানৰ এই সভাতে প্ৰয়াত জননেতা তথা আমগুৰি বিধানসভা সমষ্টিক তিনিবাৰকৈ প্ৰতিনিধিত্ব কৰা প্ৰয়াত বিধায়ক খগেন বৰবৰুৱাৰ কনিষ্ঠ কন্যা কস্তুৰী বৰবৰুৱা কলিতাই আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ।
লগতে সদৌ অসম ছাত্ৰ সন্থাৰ বহুকেইগৰাকী বিষয়ববীয়াই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে । বিজেপিৰ গৌৰীসাগৰ মণ্ডলৰ সভাপতি অৰুণ বৰাই সভাপতিত্ব কৰা এই সভাত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰাঞ্জল কটকী, শিৱসাগৰ মহিলা মৰ্চাৰ সভানেত্ৰী সংগীতা ভৰালীও উপস্থিত থাকে ।

ABOUT THE AUTHOR

...view details