আমগুৰি, ৮মে’ :ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা । ৰাজ্যৰ অইন প্ৰান্তৰ লগতে আমগুৰিতো দৈনিক বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা । কিন্তু, ইয়াৰ বিপৰীতে দৈনিক আৰু সাপ্তাহিক বজাৰ বিলাকত ক’ভিডৰ নিৰ্দেশনা সুচাৰু ৰূপত মানি চলা দেখা নাযায় আমগুৰিৰ বহু সংখ্যক লোকক ।
উল্লেখযোগ্য যে, ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জাৰি কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা । ৰাজ্য চৰকাৰে শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশনা অনুসৰি দিনৰ 2 বজাৰ পৰা সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰাৰ লগতে সকলো ব্যক্তিগত আৰু চৰকাৰী খণ্ডৰ কাৰ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে । কিন্তু, শেহতীয়া নিৰ্দেশনাই ঢুকি পোৱা নাই দৈনিক আৰু সাপ্তাহিক বজাৰসমূহ । আমগুৰিৰ বিভিন্ন এলেকাত দৈনিক কেইবা শতাধিক লোকৰ সমাৱেশেৰে চলি আহিছে এই সমূহ বজাৰ ।