আমগুৰি , 26 মে':দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈও আমগুৰিলৈ গৌৰৱ কঢ়িয়ালে নিহাৰীকাই ৷ শিৱসাগৰ জিলাৰ আমগুৰি চামগুৰি নীলাক্ষি মেম'ৰিয়েল একাডেমীৰ ছাত্ৰী নিহাৰীকা হাতীবৰুৱাই সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত চাৰিটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৷
ৰোগেও হাৰ মনাব নোৱৰা আমগুৰিৰ নিহাৰীকা - নিহাৰীকা হাতীবৰুৱা
শৰীৰৰ যন্ত্ৰণাক হাতৰ মুঠিত লৈ নিহাৰীকাই 2017 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফল লাভ কৰাৰ পিচত উচ্চতৰ মাধ্যমিক পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হয় ৷
দিকচু চোমদাৰ গাঁৱৰ নিবাসী প্ৰমোদ হাতীবৰুৱা আৰু দীপামণি হাতীবৰুৱাৰ কন্যা নিহাৰীকা 2013 চনতে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈছিল ৷ শৰীৰৰ যন্ত্ৰণাক হাতৰ মুঠিত লৈ নিহাৰীকাই 2017 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফল লাভ কৰাৰ পিচত উচ্চতৰ মাধ্যমিক পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হয় ৷ নিহাৰীকাই ইংৰাজী, অসমীয়া, সমাজতত্ত্ব, ৰাজনীতি বিজ্ঞানত লেটাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে ৷ নিহাৰীকাক লৈ এতিয়া নিহাৰীকাৰ পিতৃ-মাতৃৰ লগতে নীলাক্ষি মেম'ৰিয়েল একাডেমীৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে গৌৰৱ কৰিছে ৷ লগতে অঞ্চলবাসীয়েও আনন্দত আত্মহাৰা হৈ পৰে ৷ নিহাৰীকাৰ প্ৰৱল উচ্চাকাংক্ষাই কৰ্কট ৰোগকো একাশৰীয়া কৰি আত্মবিশ্বাসৰ বলত অঞ্চলটোলৈ এটা সুন্দৰ ফলাফল কঢ়িয়াই আনে ৷ এইগৰাকী নিহাৰীকা হাতীবৰুৱালৈ ইটিভি ভাৰত অসমৰ তৰফৰ পৰা শুভেচ্ছা ৷