অসম

assam

ETV Bharat / state

শীঘ্ৰে মুক্তি লাভ কৰিব 'তুমি আৰু মই' - ,চয়নিকা ভূঞা

শিৱসাগৰ জিলাৰ অন্যতম সাংস্কৃতিক নগৰ আমগুৰিৰ পৰা শীঘ্ৰে মুক্তি পাব পূৰ্ণদৈঘ্যৰ বোলছবি "তুমি আৰু মই"।

শীঘ্ৰে মুক্তি লাভ কৰিব 'তুমি আৰু মই'

By

Published : Jun 25, 2019, 11:04 AM IST

আমগুৰি,২৫জুন : চলচিত্ৰ জগতলৈ সুখবৰ । শিৱসাগৰ জিলাৰ অন্যতম সাংস্কৃতিক নগৰ আমগুৰিৰ পৰা শীঘ্ৰে মুক্তি পাব পূৰ্ণদৈঘ্যৰ বোলছবি "তুমি আৰু মই"। ইতিমধ্যে আমগুৰিত প্ৰদৰ্শিত হ'ল নতুন অসমীয়া বোলছৱি "তুমি আৰু মই"ৰ প্ৰমো । শিৱসাগৰ জিলাৰ আমগুৰিৰ পৰা নিৰ্মিত প্ৰথমখন অসমীয়া পূৰ্ণদৈঘ্যৰ কথা ছবি "তুমি আৰু মই" ৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে । আগন্তুক দুৰ্গাপূজাৰ পূৰ্বে এই ছবিখন মুক্তি দিয়া হ'ব । ছবি খনৰ পৰিচালক হ'ল উদীয়মান যুৱক তথা নাট্যকাৰ ৰমেন গগৈৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিছালনাত নিৰ্মিত কথা ছবিখনৰ দৃশ্য গ্ৰহণ আমগুৰিৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত কৰা হৈছে। অসমৰ কেবাগৰাকীও ন-পুৰণি শিল্পীয়ে অভিনয় কৰা ছবিখনৰ সংগীতত কল্লোল বৰঠাকুৰ,ৰাকেশ ৰিয়ান ,চয়নিকা ভূঞাকে আদি কৰি অসমৰ বহুকেইগৰাকী কন্ঠশিল্পীয়ে কন্ঠদান কৰিছে ।

শীঘ্ৰে মুক্তি লাভ কৰিব 'তুমি আৰু মই'

ABOUT THE AUTHOR

...view details