আমগুৰি, 27 নৱেম্বৰ :শিৱসাগৰ জিলাৰ ঐতিহাসিক আজানপীৰ দৰগাহ পৰিচালনা সমিতিৰ সাধাৰণ সভাত উত্তপ্ত পৰিস্থিতি (Historic Ajapeer Dargah)। দুটা পক্ষৰ তীব্ৰ বাক-বিতণ্ডা আৰু টনা-আজোৰাৰ মাজেৰে সম্পন্ন হয় সাধাৰণ সভা ৷ চাৰি বছৰৰ অন্তত গঠন হয় আজানপীৰ দৰগাহৰ নতুন পৰিচালনা সমিতি ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে গঠন হয় নতুন পৰিচালনা সমিতি ৷
২০১৮ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত দুটা পক্ষই তৰা গোচৰৰ অন্তত পৰিচালনা সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিছিল । আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ উপস্থিতিত গঠন হোৱা পৰিচালনা সমিতিক লৈ সন্তুষ্ট নহয় একাংশ লোক ৷ যোৰহাট, দেৰগাঁও, গোলাঘাট, নাহৰণিৰ পৰা অহা প্ৰতিনিধিক গুৰুত্ব নিদিয়াৰ অভিযোগ ৷
ৰাজনৈতিকভাৱে পৰিচালিত হৈ আজানপীৰ দৰগাহৰ পৰিচালনা সমিতি গঠন হোৱাৰ অভিযোগ আনিছে বিভিন্ন জিলাৰ প্ৰতিনিধিয়ে । সভাপতি আৰু সম্পাদক নিৰ্বাচনত দ্বিমত নাই যদিও বিভিন্ন জিলাৰ প্ৰতিনিধিক মূল সমিতিত সদস্য অন্তৰ্ভুক্ত নোহোৱাত ক্ষোভ প্ৰকাশ কৰে একাংশই (New managing committee of historic Ajapeer Dargah)।