অসম

assam

ETV Bharat / state

পাহৰণিৰ গৰ্ভত দেওৰজাৰ মৈদামঃ চৰকাৰৰ অনাদৰ-অৱহেলা - পুৰাত্তত্ব বিভাগৰ অৱহেলা

এটা ঐতিহাসিক মৈদাম । জীৱন্তে সমাধিস্থ হোৱা আহোম মৈদামটোৰ সঠিক সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ কোনো পদক্ষেপেই গ্ৰহণ কৰা নাই চৰকাৰে ৷

অনাদৃতভাৱে পৰি ৰৈছে দেওৰজাৰ সমাধিস্থলী

By

Published : Jun 8, 2019, 2:07 PM IST

আমগুৰি, 8 জুন : আমগুৰিৰ এটা দেওলগা মৈদাম । মৈদামটোত জীৱন্তে সমাধিস্থ হৈছিল আহোম ৰজা দেওৰজা ৷ শত্ৰুৰ হাতত পৰাজিত হোৱাতকৈ মৃত্যুৱেই শ্ৰেষ্ঠ বুলি এনিশাৰ ভিতৰতে মৈদাম খান্দি নিজেই মৃত্যুক আঁকোৱালি হৈছিল এইজনা ৰজাই ৷ কিন্তু বৰ্তমানে চৰকাৰৰ পুৰাত্তত্ব বিভাগৰ অৱহেলাৰ বাবেই এতিয়া জহি-খহি যোৱাৰ লগতে অনাদৃতভাৱে পৰি ৰৈছে জীৱন্তে সমাধিস্থ হোৱা আহোমৰ এইগৰাকী ৰজাৰ সমাধি ৷

অনাদৃতভাৱে পৰি ৰৈছে দেওৰজাৰ সমাধিস্থলী

মৈদামটোৰ সঠিক সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ কোনো পদক্ষেপেই গ্ৰহণ কৰা নাই চৰকাৰে ৷ দেওৰজাৰ দেওলগা অলিখিত অলেখ কাহিনীৰে পূৰ্ণ যদিও সময়ৰ চাকনৈয়াত যাতে ইয়াৰ অস্তিত্ব হেৰাই নাযায় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগক আহ্বান জনাইছে টাই আহোম ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক - প্ৰতিকূল বতৰে বাধাৰ সৃষ্টি কৰিছে AN 32ৰ উদ্ধাৰ অভিযানত

ABOUT THE AUTHOR

...view details