অসম

assam

ETV Bharat / state

জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কঠোৰ আইন প্ৰণয়নৰ পোষকতা জনসংখ্য়া সমাধান ফাউণ্ডেছনৰ

জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান জনসংখ্য়া সমাধান ফাউণ্ডেছনৰ ৷ বৰ্ধিত জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি অতিশীঘ্ৰে আইন ৰূপায়ন কৰাৰ দাবী সংস্থাটোৰ ৷

Need to bring population control act in India
জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কঠোৰ আইন প্ৰণয়নৰ পোষকতা জনসংখ্য়া সমাধান ফাউণ্ডেছনৰ

By

Published : Aug 12, 2020, 3:47 PM IST

শিৱসাগৰ, 12 আগষ্ট :ৰাজ্যত ক'ভিড-19 ৰ সংহাৰ অব্য়াহত থকাৰ মাজতে বুধবাৰে জনসংখ্য়া সমাধান ফাউণ্ডেছনেজনসংখ্যা নিয়ন্ত্ৰণৰ দাবীত শিৱসাগৰ জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ সংস্থাটোৰ দাবী অনুসৰি, ভাৰতবৰ্ষত বৰ্ধিত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে অতিশীঘ্ৰে এখন জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰাৰ পোষকতা কৰিছে ৷

2017 বৰ্ষৰ পৰাই সংস্থাটোৱে জনসংখ্য়া নিয়ন্ত্ৰণৰ বাবে কাম কৰি আহিছে ৷ তেওঁলোকে এখন কঠোৰ জনসংখ্যা আইন প্ৰণয়ন কৰি জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ পোষকতা কৰিছে ৷ যাৰবাবে শিৱসাগৰৰ ৰংঘৰৰ সন্মুখৰ পৰাই এক অভিযান আৰম্ভ কৰি শিৱসাগৰ জিলা উপায়ুক্তক সংস্থাটোৱে এখন স্মাৰক পত্ৰ প্ৰদান কৰে । আনহাতে, সংস্থাটোৱে স্মাৰক পত্ৰ প্ৰধানমন্ত্ৰী লৈ প্ৰেৰণ কৰিছে বুলি জানিব দিয়ে ৷ ইফালে, ফাউণ্ডেছনটোৱে উক্ত বিষয় সন্দৰ্ভত এক গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰা হ'ব বুলিও সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৷

জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কঠোৰ আইন প্ৰণয়নৰ পোষকতা জনসংখ্য়া সমাধান ফাউণ্ডেছনৰ

উল্লেখ্য যে, প্ৰায় 1.38 বিলনয়ন জনসংখ্যাৰে চীনৰ পাছতে বিশ্বৰ দ্বিতীয় জনবহুল ৰাষ্ট্ৰ হৈছে ভাৰত ৷ বৰ্তমান যি হাৰত জনসংখ্যা বৃদ্ধি পাই আছে হয়তো অনাগত 10 বছৰ মানৰ ভিতৰত ভাৰত জনসংখ্যা বৃদ্ধিৰে বিশ্বৰ প্ৰথমখন ৰাষ্ট্ৰ হ'ব পাৰে ৷ গতিকে, ভাৰতৰ দৰে এখন উন্নয়নশীল ৰাষ্ট্ৰত জনসংখ্যা নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন হৈ পৰিছে ৷

লগতে পঢ়ক : নগাঁৱত চৰকাৰী দোকান গৃহ নিৰ্মাণক লৈ দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details