অসম

assam

ETV Bharat / state

প্ৰাণ লৈছে বন্ধন গোটে ! - loan

বন্ধন গোটৰ ঋণ সহিব নোৱাৰাৰ ফলত সংঘটিত হৈছে ইটোৰ পিছত সিটো আত্মহত্যাৰ ঘটনা ৷ শুকুৰবাৰে নাজিৰাত বন্ধন গোটৰ ঋণ পৰিশোধ কৰিব নোৱাৰি এগৰাকী মহিলাই বাচি লয় আত্মহত্যাৰ দৰে চৰম পথ ৷

প্ৰাণ লৈছে বন্ধন গোটে !

By

Published : Aug 9, 2019, 7:00 PM IST

নাজিৰা,9 আগষ্টঃগাঁৱে-ভূঞে মহিলাৰ মুখে মুখে অত্যন্ত প্ৰচলিত শব্দটোৱে হৈছে বন্ধন ৷ কাৰণ এই মহিলাসকলৰ বাবে সহজ ঋণৰ ব্যৱস্থা হৈছে বন্ধন গোট ৷ এতিয়া এই বন্ধন গোটেই কাল হৈছে বহুজনৰ বাবে ৷ বন্ধন গোটৰ ঋণৰ বোজা সহিব নোৱাৰি বহুজনে বাচি লৈছে আত্মহত্যাৰ পথ ৷ ঋণৰ বোজা সহিব নোৱাৰি সোণাৰীত এটা পৰিয়ালে আত্মহত্যাৰ পথ বাচি লোৱা ঘটনাৰ শোক মাৰ নাযাওঁতেই পুনৰ নাজিৰাত সংঘটিত হ'ল আত্মহত্যাৰ ঘটনা ৷ নাজিৰাৰ কপহুৱাত শুকুৰবাৰে পুৱাই এগৰাকী মহিলাই আত্মহত্যা কৰা ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ জানিব পৰা মতে,বিগত সময়চোৱাত অঞ্চলটোৰ আন মহিলাসকলৰ সৈতে কুসুম নামৰ এটা গোট খুলি বন্ধন বেংকৰ পৰা ঋণ লৈছিল মহিলা গৰাকীয়ে।

প্ৰাণ লৈছে বন্ধন গোটে !

আৰ্থিক দৈন্যতাত ভুগি ঋণ সমূহ ওভতাই দিব নোৱাৰি শুকুৰবাৰে পুৱাই নিজ গৃহৰ পিচফালে জংঘলত চিপ লৈ আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লয় মমী বৰুৱা নামৰ মহিলা গৰাকীয়ে ৷ সপ্তাহৰ কিস্তি ধন ১০৪০ টকা যোগাৰ কৰিব নোৱাৰাৰ বাবেই আত্মহত্যাৰ পথ বাচি লোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷ উল্লেখযোগ্য যে,শুকুৰবাৰে পুৱা ঘৰৰ কাষতে উদ্ধাৰ হোৱা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰৰ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।

ABOUT THE AUTHOR

...view details