অসম

assam

By

Published : Nov 20, 2019, 7:15 PM IST

ETV Bharat / state

নাজিৰাত পথমণিয়ে উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্ত্তি

শিৱসাগৰ জিলাৰ গেলেকী ৰিজাৰ্ভ ফৰেষ্টৰ কাষত 200 বিঘা মটিত ৰোপণ কৰা হৈছে ঔ টেঙা গছৰ পুলি ৷ গেলেকী কমলাবাৰীৰ কাষতে থকা সীমান্তৰ দুৰ্গম অঞ্চলত নিৰন গগৈ নামৰ লোক জনে ৰূপণ কৰিছে এই পুলিসমূহ ৷

নাজিৰাত পথমণিয়ে উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্ত্তি

নাজিৰা,20 নৱেম্বৰঃ ৰাজ্যত হাতী মানুহৰ সংঘাতে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থকাৰ সময়তে নাজিৰাত এক ব্যতিক্ৰমী দৃশ্য ৷ নাজিৰাত পথমণিয়ে উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্ত্তি ৷ পথমণি আন কোনো নহয় নাজিৰাৰ এটা হাতীৰ নাম হ’ল পথমণি ৷ গেলেকীৰ কমলাবাৰীত হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাৰ্তা দিয়াৰ উদ্দেশ্যেই স্থাপন কৰা হৈছে দুটা হাতীৰ প্ৰতিমূৰ্ত্তি ৷

পথমণিয়ে উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্ত্তি

উল্লেখ্য যে, শিৱসাগৰ জিলাৰ গেলেকী ৰিজাৰ্ভ ফৰেষ্টৰ কাষত 200 বিঘা মটিত ৰোপণ কৰা হৈছে ঔ টেঙাগছৰ পুলি ৷ গেলেকী কমলাবাৰীৰ কাষতে থকা সীমান্তৰ দুৰ্গম অঞ্চলত নিৰন গগৈ নামৰ লোক জনে ৰোপণ কৰিছে এই পুলিসমূহ ৷ ভৱিষ্যতে যাতে বনৰীয়া হাতীয়ে খাদ্যৰ বাবে জনাঞ্চলত প্ৰৱেশ নকৰে তাৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰিছে ব্যক্তিজনে ৷ এইক্ষেত্ৰত বন বিভাগেও সহায় কৰিছে নিৰন গগৈক ৷

ABOUT THE AUTHOR

...view details