নাজিৰা,8 আগষ্টঃ শিৱসাগৰ জিলাৰ নাজিৰাৰ গেলেকীত পুনৰ ONGC পাইপ লাইনৰ পৰা নিৰ্গত হৈছে খাৰুৱা তেল ৷ গেলেকী তৈল ক্ষেত্ৰৰ GGS-2 কাষতে থকা পথৰ ওপৰত নিৰ্গত হৈছে খাৰুৱা তেল । বাঘজানৰ দৰে ঘটনা সংঘটিত হোৱাৰ আশংকাত সংকিত হৈ পৰিছে অঞ্চলবাসী ৷ ONGCৰ গাফিলতিৰ বাবেই নিৰ্গত হোৱা খাৰুৱা তেল চাহ বাগিছাত প্ৰৱেশ কৰি পৰিবেশ বিনষ্ট কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ইপিনে ONGC ৰ অসাৱধানতাই জীৱন সম্পত্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে গেলেকী বাসীৰ ৷
গেলেকীত পুনৰ ONGC পাইপ লাইনৰ পৰা নিৰ্গত খাৰুৱা তেল - ONGC ৰ অসাৱধানতাই
ONGC কৰ্তৃপক্ষৰ চুড়ান্ত গাফিলতিৰ বাবে ৰাজপথৰ ওপৰেৰে ৰ্নিগত খাৰুৱা তেল ৷ ONGC ৰ অসাৱধানতাই জীৱন সম্পত্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে গেলেকী বাসীৰ ৷
![গেলেকীত পুনৰ ONGC পাইপ লাইনৰ পৰা নিৰ্গত খাৰুৱা তেল NAZIRA ONGC PIPELINE LEAK PANIC SITUATOIN](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8342358-476-8342358-1596884072883.jpg)
গেলেকীত পুনৰ ONGC পাইপ লাইনৰ পৰা নিৰ্গত খাৰুৱা তেল
উল্লেখযোগ্য যে, তিনিদিন পূৰ্বে খাৰুৱা তেল নিৰ্গত হোৱাৰ সম্পৰ্কে বাতৰি প্ৰকাশ পাইছিল সংবাদ মাধ্যমত ৷ শুকুৰবাৰে পুনৰ সেই একেই স্থানতে খাৰুৱা তেল নিৰ্গত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত ৷ আনহাতে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে ONGC কৰ্তৃপক্ষক বাৰে বাৰে দাবী জনাই অহাৰ পিচতো খাৰুৱা তেল নিৰ্গত হোৱা ঠাইত জনসাধাৰণৰ সুৰক্ষাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিৱলৈ পোৱা গৈছে ৷
Last Updated : Oct 18, 2022, 11:53 AM IST